শিৱসাগৰ,8আগষ্টঃ হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেবৰ এক মন্তব্যক কেন্দ্ৰকৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ দুদিন পূৰ্বে বিধায়ক গৰাকীয়ে অসমৰ স্বনামধন্য সাহিত্যিক ছৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী বুলি উপমা দিছিল । ইয়াক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাজ্যৰ একাংশ বুদ্ধিজীৱী আৰু দল-সংগঠনে । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, পদ্মভূষণ উপাধিৰে বিভূষিত মালিকক জেহাদী আখ্যা দিয়াত বিশিষ্ট চিন্তাবিদ চামচুল বাৰিকে শিলাদত্যৰ এনে মন্তব্যৰ প্ৰত্যাহ্বান জনাই কয় যে, জ্ঞানৰ পৰিসৰ নথকা বহুবল্কী বিধায়ক গৰাকীয়ে জেহাদীৰ অৰ্থ নজনাৰ বাবে মালিকক উদ্দেশ্য কৰি এনে অগ্ৰহণীয় মন্তব্য কৰিছে ৷
ইপিনে ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সভাপতি ফৰিদ ইছলাম হাজৰিকাই শিলাদত্যৰ এনে মন্তব্যৰ বিৰুদ্ধে চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । আনহাতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰাকীৰ বিৰুদ্ধে এনে কটু মন্তব্য প্ৰদানৰ পাছতো কিয় অসম সাহিত্য সভা নিৰৱ হৈ আছে সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে ঐক্য সেনা অসমে ।
লগতে পঢ়কঃ কাজিৰঙাত পুনৰ গঁড় হত্যা : খৰ্গ লৈ উধাও চোৰাং চিকাৰী