ETV Bharat / state

আমগুৰিত আটছাৰ ৰাজনৈতিক সজাগতা সভা - সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা

নিৰ্বাচনৰ প্ৰাকক্ষণত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে আমগুৰিতো চাহ জনগোষ্ঠী অধ্যুষিত এলেকা তথা বাগিচাই বাগিচাই বিজেপিৰ বিৰুদ্ধে মিথ্যাচাৰৰ অভিযোগ আনি ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰিছে চাহ জনজাতি ছাত্ৰ সন্থাই ৷

aatsa organizes political awareness meeting in the tea gardens of amguri
আমগুৰিত বাগিছাই বাগিছাই ‘আটছা’ ৰ ৰাজনৈতিক সজাগতা সভা
author img

By

Published : Mar 21, 2021, 4:01 PM IST

আমগুৰি,21 মাৰ্চ: সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ মাজতে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা ৷ চাহ শ্ৰমিকসকলক দীৰ্ঘ দিন ধৰি ভূৱা প্ৰতিশ্ৰুতি দি ভোটৰ স্বাৰ্থত ব্যৱহাৰ কৰি অহা বুলি অভিযোগ উত্থাপন কৰি চাহ জনগোষ্ঠীৰ লোকসকলক সজাগ কৰাৰ প্ৰয়াস কৰিছে চাহ জনজাতি ছাত্ৰ সন্থাই ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে দেওবাৰে, আমগুৰি অঞ্চলৰ বাগিচাসমূহত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৰাজনৈতিক সজাগতা সভা অনুষ্ঠিত কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ উঠা পৰিলক্ষিত হয় ৷ আমগুৰি সমষ্টিৰ অন্তৰ্গত আমগুৰি, হালোৱাটিং, বৰবাম, বাঘজান, টিফুক, বৰচিলাকে ধৰি মুঠ 9 খনকৈ চাহ বাগিচাৰ শ্ৰমিকৰ মাজত সংগঠনটোৱে এলানি ৰাজনৈতিক সভা অনুষ্ঠিত কৰি চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ সন্দৰ্ভত পুনৰবাৰ সজাগ কৰাৰ প্ৰয়াস কৰে ।

নিৰ্বাচনৰ প্ৰাকক্ষণত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা

মূলতঃ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, ভূমি পট্টা প্ৰদান, জনজাতিকৰণৰ দৰে দীৰ্ঘদিনীয়া দাবী সামৰি সংগঠনটোৱে লোৱা এনে কাৰ্যসূচীয়ে সমাগত নিৰ্বাচনত নিশ্চয়কৈ এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব ৷ জানিব পৰা মতে, আমগুৰি সমষ্টিৰ 9 খনকৈ চাহ বাগিচাৰ প্ৰায় 23 হাজাৰ চাহ শ্ৰমিকে নিৰ্বাচনত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে ৷

উল্লেখ্য যে, ভোটদানৰ সময়ত চাহ জনগোষ্ঠীৰ লোকসকলে যাতে সঠিক সিদ্ধান্ত ল'ব পাৰে সেই উদ্দেশ্য আগত ৰাখি চাহ জনজাতি ছাত্ৰ সন্থাই ৰাজ্যৰ চাহ বাগিচাসমূহলৈ গৈ চাহ শ্ৰমিকসকলৰ মাজত ৰাজনৈতিক সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: আটছাৰ প্ৰতিবাদৰ পাছতে চাহ বাগিচাত মন্ত্ৰী যোগেন মহনৰ প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.