ETV Bharat / state

AASU observed Black Day: শিৱসাগৰত প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিল আৰক্ষী-অৰ্ধসামৰিক বাহিনী

author img

By

Published : Dec 11, 2022, 4:50 PM IST

শিৱসাগৰতো পালন কৰা হ’ল ক’লা দিৱস (Black Day in Sivasagar)৷ প্ৰতিবাদী আছু কৰ্মীৰ ওপৰত জপিয়াই পৰিল আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোক ৷

AASU observed Black Day
শিৱসাগৰত প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিল আৰক্ষী-অৰ্ধসামৰিক বাহিনী

শিৱসাগৰ, 11 ডিচেম্বৰ : শিৱসাগৰত পালন কৰা ক’লা দিৱসত আৰক্ষীৰ হকা-বধা ৷ প্ৰতিবাদীকাৰীৰ ওপৰত জপিয়াই পৰিল আৰক্ষী-অৰ্ধসামৰিক বাহিনী ৷ অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ প্ৰতিবাদকো নেওচি 2019ৰ আজিৰ দিনটোতে দেশৰ উচ্চ সদনত গৃহিত কৰা হৈছিল বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন(Citizenship Amendment Act) ৷ ফলত অধিক তীব্ৰ হৈ পৰিছিল কা বিৰোধী আন্দোলন ৷ উক্ত আন্দোলনত আৰক্ষীৰ গুলীত মৃত্যু হৈছিল ৬ গৰাকী লোকৰ ৷ পৰৱৰ্তী সময়ত 11 ডিচেম্বৰৰ দিনটো ক’লা দিৱস হিচাবে পালন কৰি আহিছে আছুৰ লগতে উত্তৰ-পূবৰ ছাত্ৰ সংগঠন নেছ’ৱে ৷

সেই অনুসৰি দেওবাৰে সমগ্ৰ ৰাজ্যতে পালন কৰা হয় ক’লা দিৱস ৷ ক’লা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ শিৱসাগৰতো পালন কৰা হয় ক’লা দিৱস (Black Day in Sivasagar)৷ ক’লা পতাকা লৈ ক’লা দিৱস পালন কৰে শিৱসাগৰ আছুৱে ৷

শিৱসাগৰত আজি কা'ৰ বিৰোধ কৰা ছাত্ৰ সন্থাৰ(Sivasagar AASU) সদস্যৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ দল ৷ ক’লা দিৱস পালন কৰা ছাত্ৰ সন্থাৰ সদস্যক শাৰিৰীকভাৱে অপদস্ত কৰে আৰক্ষী-অৰ্দ্ধ সামৰিক বাহিনীয়ে ৷ শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিত শিৱসাগৰ জিলা, আঞ্চলিক আৰু মহকুমা ছাত্ৰ সন্থাই পালন কৰা প্ৰতিবাদী কাৰ্যসূচীক আৰক্ষীয়ে বাধা দিবলৈ গৈ প্ৰতিবাদকাৰীৰ সৈতে খণ্ডযুদ্ধতো লিপ্ত হোৱা দেখা গ’ল ৷

সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সমীৰণ ফুকনকে ধৰি বহু কেইজন ছাত্ৰ নেতাক ঠেলি-গতিয়াই,পতাকা কাঢ়ি লৈ প্ৰতিবাদী কাৰ্যসূচী বন্ধ কৰিবলৈ চেষ্টা চলালে আৰক্ষীয়ে ৷ প্ৰতিবাদকাৰীসকলে মন্তব্য কৰে যে, চৰকাৰে আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ ভয় দেখুৱালেও সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অসমৰ খিলঞ্জীয়া ৰাইজে নাগৰিকত্ব সংশোধনী আইন কেতিয়াও মানি নলয় ৷

লগতে পঢ়ক : CBI officials reached MLC Kavitha house : তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ কন্যা কে কবিতাৰ বাসগৃহত চিবিআইৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.