ETV Bharat / state

এগৰাকী প্ৰচাৰবিমুখ নিপুন ভাস্কৰ্য শিল্পী

author img

By

Published : Aug 1, 2020, 7:28 PM IST

এগৰাকী নিপুন ভাস্কৰ্য শিল্পী ৷ তেওঁৰ হাতৰ পৰশত নিষ্প্ৰাণ কাঠৰ টুকুৰাটো প্ৰাণ পাই উঠিছে পৃথিৱীৰ বহু উপাদানে ৷ কেৱল কাঠতেই নহয়,বালি,চিমেণ্টেৰেও শিল্পী গৰাকীয়ে সৃষ্টি কৰি গৈছে বহু নিপুন ভাস্কৰ্য ৷

প্ৰচাৰবিমুখ নিপুন ভাস্কৰ্য শিল্পী
প্ৰচাৰবিমুখ নিপুন ভাস্কৰ্য শিল্পী

নাজিৰা, 1 আগষ্ট: এগৰাকী প্ৰচাৰ বিমুখ ভাস্কৰ্য শিল্পী ৷ তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠে জড় কাঠৰ টুকুৰা সমূহেও ৷ কাঠৰ টুকুৰাবোৰ কাটি তেওঁ প্ৰায় সুদীৰ্ঘ 40 বছৰৰ পৰাই নিৰৱছিন্নভাৱে খোদিত কৰি গৈছে গছ-গছনি,জীৱ-জন্তু, ঘৰ-দুৱাৰৰেৰে পৰিপূৰ্ণ শুৱনি গাঁৱৰ লগতে,অশোকস্তম্ভ,অসমৰ জাতীয় প্ৰতীক,কৃষ্ণৰ দশাৱতাৰ,মাতৃ স্নেহ আদিৰ নিপুন ভাস্কৰ্য ৷ সেই নিপুন শিল্পী গৰাকী হ'ল শিৱসাগৰ জিলাৰ অন্তৰ্গত নাজিৰাৰ ৰজাপুল গোঁহাই গাঁৱৰ কুমুদ বৰগোঁহাই ৷

এগৰাকী প্ৰচাৰবিমুখ নিপুন ভাস্কৰ্য শিল্পী

কেৱল কাঠেৰেই নহয়,বালি,চিমেণ্টেৰেও তেওঁ জীৱন্তৰূপে নিৰ্মাণ কৰি উলিয়াইছে বহু গণ্যমান্য লোকৰ প্ৰতিমূৰ্তি ৷ সুধাকণ্ঠৰ প্ৰতিমূৰ্তিকে আৰম্ভ কৰি তেওঁৰ নিৰ্মাণ কৰি উলিয়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰো প্ৰতিমূৰ্তি ৷ কিন্তু পৰিতাপৰ বিষয় যে,ভাস্কৰ্য শিল্পৰ লগত জড়িত এই শিল্পী গৰাকীয়ে আজিলৈ নাপালে কোনো আনুষ্ঠানিক স্বীকৃতি ৷ আজিলৈ তেওঁ দৃষ্টিগোচৰ নহ'ল কোনো এগৰাকীও ৰজাঘৰীয়া লোকৰ ৷ বৰ্তমানৰ নৱ-প্ৰজন্মক ভাস্কৰ্য্য শিল্পৰ প্ৰশিক্ষণ দিবলৈয়ো সাজু শিল্পী গৰাকী ৷ কিন্তু এই ক্ষেত্ৰত আৰ্থিক সহায়ৰ প্ৰয়োজন তেওঁক ৷ কিয়নো ভাস্কৰ্য শিল্প সমূহ প্ৰদৰ্শনৰ লগতে বিক্ৰী কৰি লাভ কৰা অৰ্থৰে পৰিয়ালৰ পোহপাল দিয়াৰ ওপৰিও,ভাস্কৰ্য শিল্প নিৰ্মাণত প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰা শিল্পী গৰাকীৰ অভাৱ পৰ্যাপ্ত ধনৰ ৷

লগতে পঢ়ক: বাঁহীৰ সুৰৰ দৰে সুৰীয়া নহ'ল অশ্বিনী শইকীয়াৰ জীৱন যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.