ETV Bharat / state

চৰকাৰী আঁচনিয়ে স্পৰ্শ নকৰা টিফুক চাহ বাগিচাৰ এটি দুৰ্ভগীয়া পৰিয়াল

author img

By

Published : Feb 12, 2021, 1:10 PM IST

Updated : Feb 12, 2021, 5:03 PM IST

আমগুৰিৰ টিফুক চাহ বাগিচাৰ 1 নং লাইনৰ নিবাসী তথা বৰছিলা গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ এটি দুৰ্ভগীয়া পৰিয়ালক আজিলৈকে স্পৰ্শ কৰিব নোৱাৰিলে কোনো চৰকাৰী আঁচনিয়ে ৷ উৰুখা পঁজাতে কণ কণ 4 শিশুৰ সৈতে দুৰ্বিষহ জীৱন কটাইছে ৰোবিৰাম মুৰ্মৰ পৰিয়ালটোৱে ৷

চৰকাৰী আঁচনিয়ে স্পৰ্শ নকৰা টিফুক চাহ বাগিচাৰ এটি দুৰ্ভগীয়া পৰিয়াল
চৰকাৰী আঁচনিয়ে স্পৰ্শ নকৰা টিফুক চাহ বাগিচাৰ এটি দুৰ্ভগীয়া পৰিয়াল

আমগুৰি, 12 ফেব্ৰুৱাৰী: আমগুৰিৰ টিফুক চাহ বাগিচাৰ এটি দুৰ্ভগীয়া পৰিয়ালে, উৰুখা পঁজাতে দুৰ্বিষহ জীৱন কটাইছে ৷ চাৰি সন্তানৰ সৈতে দুই পতি পত্নীয়ে হাড় কপোৱা জাৰতো পৰি ৰৈছে মাটিতে ৷

বাগিচাখনৰ 1 নং লাইনৰ নিবাসী তথা বৰছিলা গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ ৰোবিৰাম মুৰ্মৰ পৰিয়ালটোক আজিলৈকে স্পৰ্শ কৰিব নোৱাৰিলে কোনো চৰকাৰী আঁচনিয়ে ৷ আনকি পঞ্চায়ত আৰু সংশ্লিষ্ট কৰ্মচাৰীৰ সদিচ্ছাৰ অভাৱৰ বাবে ভোট দানৰ পৰাও বঞ্চিত হৈছে দুই পতি-পত্নী ৷ উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰ খনৰ দৃষ্টিৰ পৰা বহু দূৰত ৰৈ গ'ল পৰিয়ালটো ৷

গোহালী সদৃশ পৰিৱেশতে অস্বাস্থ্যকৰ অৱস্থাত পৰি ৰৈছে কণ কণ 4 শিশু ৷ খাবলৈ ভাত নাই, থাকিবলৈ ঠাই নাই, নাই পিন্ধিবলৈ কাপোৰ ৷ তেনেকৈয়ে জীৱন কটাইছে পৰিয়ালটোৱে ৷

উন্নয়নৰ গান গোৱা চৰকাৰে চাহ শ্ৰমিকৰ বাবে বিশেষ আঁচনি ৰূপায়নৰ কথা কৈ থকাৰ সময়তে ৰাজ্যত এতিয়াও নিম্নতম সুবিধাখিনিৰ পৰা বঞ্চিত হৈ পৰি ৰৈছে বহু পৰিয়াল ৷ এমুঠি ভাত, এটোপ পানীৰ বাবে হাঁহাকাৰ কৰিছে ৰবিৰামৰ পৰিয়ালটোৰ দৰে বহু দুৰ্ভগীয়া পৰিয়ালে ৷ তাৰ পাচতো সু-দৃষ্টি পৰা নাই পঞ্চায়ত অথবা আন বিভাগীয় কৰ্তৃপক্ষৰ ৷

পৰিয়ালটোক সহায় কৰিবলৈ স্থানীয় বিধায়ক তথা চৰকাৰলৈ আহ্বান জনাইছে স্থানীয় দল সংগঠনে ৷

লগতে পঢ়ক: 18 ফেব্ৰুৱাৰীৰ পৰা পৰ্যটকৰ বাবে মুকলি ৰামোজী ফিল্ম চিটি

Last Updated : Feb 12, 2021, 5:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.