শিৱসাগৰ, 1 এপ্ৰিলঃ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ আইলেশ্যল ৱাৰ্ডৰ পৰা পলায়ন কৰে এগৰাকী ৰোগীয়ে ৷ এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে স্থানীয় লোকৰ মাজত ৷ পলায়ন কৰা ব্যক্তি গৰাকী তিনিচুকীয়া জিলাৰ পৰ্বতীয়া গাঁৱৰ ২০ বছৰীয়া যুৱক বিকাশ নায়ক বুলি জানিব পৰা হৈছে ৷ যুৱকজনক ৩০ মাৰ্চত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ আইলেশ্যল ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল ৷
এই খবৰ বিয়পি পৰাত জিলা উপায়ুক্ত লক্ষীনন্দন গগৈ, জিলা উন্নয়ন বিষয়া নৱাব আল আজহাৰ আলি, অতিৰিক্ত উপায়ুক্ত বিদিত দাস আদিকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকল চিকিৎসালয়খনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ চিকিৎসালয়খনৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ অৱহেলাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷ শেহতীয়াকৈ ৰাজ্যত 5 জনকৈ কৰ'ণা ভাইৰাছ আক্ৰান্ত লোক চিনাক্ত হোৱাৰ পিচত শিৱসাগৰৰ জয়সাগৰত থকা চৰকাৰী অসামৰিক চিকিৎসালয়ৰ পৰা পলায়ন কৰা লোকজনক লৈ শংকিত হৈ পৰিছে ৰাইজ ৷