ETV Bharat / state

কেটেলা পহু বান্দৰকে ধৰি বিভিন্ন প্ৰজাতিৰ পক্ষীৰে পৰিপূৰ্ণ এখন মিনি চিৰিয়াখানা

এক প্ৰাকৃতিক সুন্দৰ পৰিৱেশ আছে শিৱসাগৰ জিলাৰ কালুগাঁৱত । সেউজীয়া এক পৰিৱেশৰ মাজত আছে অৰণ্যম নামৰ এখনি ক্ষুদ্র চিৰিয়াখানা ।

শিৱসাগৰ জিলা
শিৱসাগৰ জিলা
author img

By

Published : Nov 3, 2021, 3:43 PM IST

আমগুৰি, 3 নৱেম্বৰ : যান্ত্ৰিক যুগত সকলো ফালেই মাথো ব্যস্ততা । এনে ব্যস্ততাৰ মাজতে অলপ প্ৰয়োজন মানসিক প্ৰশান্তিৰ । প্ৰাকৃতিক পৰিৱেশৰ মাজত লাভ কৰা মানসিক প্ৰশান্তিৰ আনন্দই সুকীয়া ।

এনে এক প্ৰাকৃতিক সুন্দৰ পৰিৱেশ আছে শিৱসাগৰ জিলাৰ কালুগাঁৱত । সেউজীয়া এক পৰিৱেশৰ মাজত আছে অৰণ্যম নামৰ এখনি ক্ষুদ্র চিৰিয়াখানা ।

কালুগাঁৱৰ ৰমেন হাতীমূৰীয়া আৰু পুত্ৰ সমীৰণ হাতীমূৰীয়াই নিজ গৃহত গঢ়ি তুলিছে পশু-পক্ষী, জীৱ-জন্তুৰে ভৰপূৰ এখন ক্ষুদ্র চিৰিয়াখানা । সেউজীয়া গছ-গছনিৰে ভৰপূৰ এই ক্ষুদ্র চিৰিয়াখানাত আছে ইমু বাৰ্ড, জাপানীজ কোৱেল, তুৰ্কী চৰাই, পেৰু চৰাই, কাছ, শহাপহু, গিনিপিগ, বগা নিগনি, ব্লেক চিভেট কেট, ঘোঁৰা, ভাটৌ চৰাই আদি ।

প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত অৰণ্যম

যোৱা দহ বছৰে এই পৰিয়ালটোৱে নিজ গৃহতে দুষ্প্রাপ্য পশু-পক্ষী, জীৱ-জন্তু সংৰক্ষণ কৰি বন্যপ্রেমৰ নিদৰ্শন দাঙি ধৰাৰ লগতে সংৰক্ষণৰ বাবে সজাগতাৰ সৃষ্টি কৰি আহিছে । ৰমেন হাতীমূৰীয়াৰ ক্ষুদ্র চিৰিয়াখানা অৰণ্যমলৈ বছৰৰ প্ৰতিটো মাহতে দৰ্শনাৰ্থীয়ে আহি ভীৰ কৰেহি ৷

স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি অসমৰ বিভিন্ন জিলাৰ পৰা দৰ্শনাৰ্থীসকল আহি অৰণ্যমৰ সেউজীয়া বুকুত পশু-পক্ষীৰ সৈতে একাকাৰ হৈ মনোৰোম দৃশ্য উপভোগ কৰে । পিতা-পুত্ৰই নীৰৱে প্ৰতিপালন কৰা জীৱ-জন্তু, পক্ষীসমূহ থকা সেউজ পৰিৱেশটোৱে সহজে আকৰ্ষিত কৰিব পাৰে সকলোকে ৷ পৰ্যটন নগৰী শিৱসাগৰত থকা এই ক্ষুদ্ৰ চিৰিয়াখানালৈ আজিলৈকে দৃষ্টিহে নপৰিল বন বিভাগ কিম্বা পৰ্যটন বিভাগৰ ৷ যান্ত্ৰিক যুগৰ ব্যস্ততাৰ মাজত পিতা-পুত্ৰই কৰা এনে প্ৰচেষ্টাক শলাগিছে বহুজনে ৷

লগতে চাওক: ৰাজ্যত পুনৰ কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি, 7 গৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.