ETV Bharat / state

শিৱসাগৰত অৱহেলিত 90 বছৰ পুৰণি ঐতিহাসিক ভৱন - শিৱসাগৰৰ ঐতিহ্য

আজিৰ পৰা প্ৰায় ৯০ বছৰৰ আগতে ১৯৩৪ চনত শিৱসাগৰৰ বিখ্যাত চলিহা পৰিয়ালে এক ভৱন নিৰ্মাণ কৰিছিল । অসমৰ একালৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ পিতৃ বিখ্যাত চাহ খেতিয়ক কালী প্ৰসাদ চলিহাৰ সোঁৱৰণত এই ভৱনৰ নাম ৰখা হৈছিল । ১৯৩৪ চনৰ ১৯ এপ্ৰিল তাৰিখে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে অসম ভ্ৰমণলৈ আহোতে এই ভৱনৰ দ্বাৰ মুকলি কৰিছিল ।

a heritage building of sivsagar is in pathetic condition
ঐতিহাসিক ভৱনৰ তথৈবচ অৱস্থা
author img

By

Published : Sep 22, 2020, 8:26 PM IST

শিৱসাগৰ, 22 ছেপ্তেম্বৰঃ স্বৰ্গদেউ প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰাৰ পাছৰে পৰা ৰংপুৰৰ লগতে অসমৰ পৰিচয়ৰূপে চিহ্নিত হৈ আহিছে ৰংঘৰ। ৰংঘৰৰ পাছতে আন এক ভৱনে আধুনিক শিৱসাগৰ নগৰৰ পৰিচয় বহন কৰি আহিছে । শিৱসাগৰৰ লগতে অসমৰ শিক্ষা, সমাজ,সংস্কৃতি আদি বিভিন্ন বিষয়ৰ লগত জড়িত এই ভৱন আজি অৱহেলিত, তথৈবচ,জৰ্জৰিত।জাতিৰ পিতা মহাত্মা গান্ধীয়ে দ্বাৰ মুকলি কৰা কালী প্ৰসাদ স্মৃতি ভৱন আজি সময়ৰ কৰাল গ্ৰাসত ।

আজিৰ পৰা প্ৰায় ৯০ বছৰৰ আগতে ১৯৩৪ চনত শিৱসাগৰৰ বিখ্যাত চলিহা পৰিয়ালে এক ভৱন নিৰ্মাণ কৰিছিল । অসমৰ একালৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ পিতৃ বিখ্যাত চাহ খেতিয়ক কালী প্ৰসাদ চলিহাৰ সোঁৱৰণত এই ভৱনৰ নাম ৰখা হৈছিল । ১৯৩৪ চনৰ ১৯ এপ্ৰিল তাৰিখে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে অসম ভ্ৰমণলৈ আহোতে এই ভৱনৰ দ্বাৰ মুকলি কৰিছিল । প্ৰতিষ্ঠা কালতে মহাত্মা গান্ধীৰ নাম সংযোজন হোৱা এই ভৱন সময়ৰ লগে লগে বহু বিখ্যাত ঘটনা পৰা ঘটনাৰ অংশ হৈ পৰিছিল । ভাৰত ত্যাগ আন্দোলনৰ আগত পণ্ডিত জৱাহৰলাল নেহৰুৱে এই ভৱনৰ এখন সভাত অংশগ্ৰহণ কৰি ভাৰতৰ স্বাধীনতা আন্দোলন সংগঠিত কৰিছিল । ১৯৪৬ চনত এই কালী প্ৰসাদ স্মৃতি ভৱনত অনুষ্ঠিত হৈছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ প্ৰথমখন ন্যাস সমিতিৰ সভা । ১৯৪৮ চনত পদ্মধৰ চলিহাৰ নেতৃত্বত শিৱসাগৰ কলেজৰ আৰম্ভণি এই ভৱনতে হোৱাৰ লগতে ১৯৬৪ চনত শিৱসাগৰ ছোৱালী কলেজ এই ভৱনৰ পৰাই আৰম্ভ হৈছিল । ১৯৪৭৮ চনত শিল্পীৰ পৃথিৱী বিষয়ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই এক বক্তৃতা প্ৰদান কৰিছিল । এনে বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ সাক্ষী এই ভৱনে পৰৱৰ্তী সময়ত জ্ঞান অন্বেষণৰ যাত্ৰা ৰূপত প্ৰথম মহকুমা পুঁথিভৰাল আৰু পৰৱৰ্তী সময়ত জিলা পুঁথিভৰাল ৰূপে দশক দশক ধৰি ব্যৱহৃত হৈ আহিছিল । অৱশেষত শিৱসাগৰ জিলা পুঁথিভৰালৰ নতুন ভৱন নিৰ্মাণৰ পাছত খালী হৈ পৰা এই ভৱন ক্ৰমে অৱহেলিত হ'ব ধৰে ।জিলা প্ৰশাসনৰ আওকণীয়া মনোভাৱ, চৰকাৰৰ অৱহেলা আদিৰ বাবে ক্ৰমে জহিখহি যাব ধৰিছে শিৱসাগৰৰ পৰিচয় এই ভৱন ।

অৱহেলিত 90 বছৰ পুৰণি ঐতিহাসিক ভৱন
জিলা পুঁথিভৰাল ৰূপে ব্যৱহৃত হৈ থকাৰ পাছত হঠাৎ খালী হৈ পৰা ভৱনটোক লৈ বিভিন্ন সময়ত আলোচনা হয় যদিও সেইবোৰ বাস্তৱত পৰিণত নহয় । ফলত ভৱনৰ কাষৰ পথাৰখনত অনুষ্ঠিত বিভিন্ন পূজা,মেলা,মঞ্চ বিহু আদি অনুষ্ঠানবোৰে ভৱনটো খোৱাঘৰ অথবা গুদামঘৰ ৰূপে ব্যৱহাৰ কৰিব ধৰিলে । যাৰ ফলত ঐতিহাসিক ভৱনটোৰ গৰীমা হ্ৰাস পোৱাৰ লগতে ভৱনটো উপযুক্ত ব্যৱহাৰৰ অভাৱত ক্ৰমে নষ্ট হৈ যাব ধৰিলে । শিৱসাগৰৰ তদাদীন্তন উপায়ুক্ত এম.এছ.লক্ষ্মণনে এই দিশত কিছু পদক্ষেপ লৈছিল যদিও সকলো ফুটুকাৰ ফেন হয় ।লগতে পঢ়কঃ মন্ত্ৰীৰ ঘনিষ্ঠ-আত্মীয়লৈ অস্ত্ৰৰ অনুজ্ঞাপত্ৰঃ সৰৱ আছু-এ জে ৱাই ছি পিপ্ৰায় ডেৰ বিঘা মাটি কালিৰ এই ভৱনটো যে পুৰণি এনে নহয়।ভৱনটোৰ লগত জড়িত হৈ আছে অসম আৰু শিৱসাগৰৰ শিক্ষা, সমাজ,সংস্কৃতি বিষয়ক প্ৰশ্ন । এনে সময়ত কিছু বছৰৰ পাছত শতিকা অতিক্ৰম কৰিব লোৱা এই ভৱনটো এইদৰে ধ্বংস হবলৈ দিয়া কিমান সমীচিন?ইতিহাস বুকুত সামৰি পৰি ৰোৱা এই ভৱনটো সংৰক্ষণৰ ব্যৱস্থা কৰিব নে চৰকাৰ প্ৰশাসনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.