ETV Bharat / state

নিৰুদিষ্ট সন্তানক বিচাৰি পিতৃ-মাতৃৰ হাহাকাৰ

author img

By

Published : Jan 7, 2022, 2:14 PM IST

তিনি মাহ ধৰি নিৰুদিষ্ট হৈ আছে শিৱসাগৰ নগৰৰ শিৱা নয়ন দাস । পুত্ৰৰ কোনো শুংসূত্ৰ লাভ নকৰাত শোকত ভাগি পৰিছে যুৱকজনৰ পিতৃ-মাতৃ (A families cry for help to find their missing son) ৷

Missing a Boy in Sivasagar by 3 months
নিৰুদিষ্ট সন্তানক বিচাৰি পিতৃ-মাতৃৰ হাহাকাৰ

শিৱসাগৰ, 7 জানুৱাৰী : নিজৰ একমাত্ৰ পুত্ৰক বিচাৰি এতিয়া চকুলো টুকিছে এহাল পিতৃ-মাতৃয়ে ৷ নিৰুদিষ্ট সন্তানক বিচাৰি হাবাথুৰি খাইছে পিতৃ মাতৃয়ে(A families cry for help to find their missing son) ৷ তিনি মাহে নিখোজ হৈ থকা সন্তানৰ সন্ধানত নিতৌ আৰক্ষী থানা গচকি নিৰাশ হ'বলগীয়া হৈছে এই দম্পতিহাল ৷

উল্লেখ্য যে, শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত আইলামুখৰ দম্পতি গজেন দাস আৰু নিৰু দাসৰ একমাত্ৰ পুত্ৰ সন্তান হৈছে শিৱা নয়ন দাস । উচ্চতৰ মাধ্যমিকত অনুত্তীৰ্ণ হোৱা শিৱা নয়ন দাস প্ৰায় তিনি মাহ ধৰি নিৰুদিষ্ট হৈ আছে (The boy has been missing for over three months) ।

ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছিল যদিও আজি পৰ্যন্ত শিৱা নয়ন নামৰ 22 বছৰীয়া যুৱকজনৰ সন্দৰ্ভত এতিয়ালৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে ৷ পুত্ৰৰ সন্ধানত নিতৌ আৰক্ষী থানালৈ অহা-যোৱা কৰি কোনো ফল লাভ নকৰাত এতিয়া শোকত ভাগি পৰিছে দুই পিতৃ-মাতৃ ৷

সেয়ে এতিয়া অতি বিনম্ৰতাৰে আৰক্ষী, প্ৰশাসন তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত পুত্ৰ সন্তানটিৰ সন্ধান উলিয়াবৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণৰ বাবে কাঁতৰ আহ্বান জনাইছে দূৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷

লগতে পঢ়ক : Missing Differently Abled Minor Boy from Karimganj: বাংলাদেশ পালেগৈ নেকি বিশেষভাৱে সক্ষম অভিজিৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.