আমগুৰি, ৯অক্টোবৰ : শিৱসাগৰৰ গৌৰীসাগৰত মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল অৰ্ধ শতাধিক মহিলা । ঋণ মাফ কৰাৰ দাবীৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি আৰু নাৰী মুক্তিৰ কৰ্মকৰ্তাই । মাইক্ৰ'ফাইনেঞ্চৰ ঋণে গাঁৱৰ অৰ্থনীতি বিপদ মাতি অনাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে ।
মাইক্ৰ'ফাইনেঞ্চ কোম্পেনীয়ে ৰিজাৰ্ভ বেংকৰ কোনো ধৰণৰ নিৰ্দেশনা পালন নকৰাকৈ গাঁৱৰ দৰিদ্ৰ মহিলাসকলক অধিক সুদৰ হাৰত ঋণ প্ৰদান কৰাৰ অভিযোগ তোলে । ঋণৰ বোজা সহিব নোৱাৰি গাঁৱৰ মহিলাসকলে ঘৰ-ভেঁটি বিক্ৰী কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । বহু পৰিয়ালে ঘৰ এৰি পলায়ন কৰিছে বুলিও প্ৰকাশ কৰে সংগঠনকেইটাৰ সদস্যই । উপায়হীন হৈ মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় মহিলা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
লগতে পঢ়ক:নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থাকোতে বড়োভূমিৰ নাম সলনি কৰাত ক্ষুব্ধ কংগ্ৰেছ