ETV Bharat / state

আমগুৰিত পুত্ৰ-বোৱাৰীৰ নিৰ্যাতনৰ বলি এগৰাকী ষাঠি বছৰীয়া বৃদ্ধা - এজাহাৰ দাখিল

নিজ পুত্ৰ-বোৱাৰীৰ দ্বাৰা নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ আমগুৰিৰ এগৰাকী ষাঠি বছৰীয়া বৃদ্ধাৰ ৷ বৃদ্ধাগৰাকীয়ে পুত্ৰ-বোৱাৰীৰ বিৰুদ্ধে বিচাৰিছে উচিত তদন্ত ৷

ষাঠি বছৰীয়া বৃদ্ধা
ষাঠি বছৰীয়া বৃদ্ধা
author img

By

Published : Jan 19, 2020, 9:41 AM IST

আমগুৰি 19 জানুৱাৰীঃ শিৱসাগৰ জিলাৰ হালোৱাটিঙত নিজ পুত্ৰ-বোৱাৰীৰ হাতত নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ এগৰাকী ষাঠি বছৰীয়া বৃদ্ধাৰ ৷ হালোৱাটিং নেপালীবস্তিৰ নিবাসী ক্ষীৰদা ঘৰফলীয়া নামৰ ষাঠি বছৰীয়া বৃদ্ধাগৰাকীক নিজ পুত্ৰ গৌতম ঘৰফলীয়াই দীৰ্ঘদিন ধৰি মানসিকভাৱে চলাই আহিছে অত্যাচাৰ ৷ বৃদ্ধা গৰাকীক পুত্ৰ-বোৱাৰীয়ে মানসিকভাৱে হাৰাশাস্তি কৰি, পৈতৃক সম্পত্তি বিক্ৰী কৰাৰ চক্ৰান্ত কৰাত উপায়ান্তৰ হৈ অৱশেষত আশ্ৰয় গ্ৰহণ কৰিছে নিজ কন্যাৰ গৃহত ৷ তৎসত্বেও নিজ মাতৃক পুত্ৰ গৌতম ঘৰফলীয়াই বিভিন্ন সময়ত দি আহিছে মানসিক অশান্তি ৷

পুত্ৰ-বোৱাৰীৰ নিৰ্যাতনৰ বলি এগৰাকী ষাঠি বছৰীয়া বৃদ্ধা

উপায়ন্তৰ হৈ বৃদ্ধা গৰাকীয়ে পুত্ৰ-বোৱাৰীৰ এনে নিৰ্যাতনৰ বিষয়ে হালোৱাটিং আৰক্ষীক এজাহাৰ দাখিল কৰিছিল ৷ এজাহাৰ দাখিলৰ পিচতে পুত্ৰই দোষ স্বীকাৰ কৰাত মাতৃয়ে এজাহাৰ উঠাই লয় ৷ ইমানৰ পিছতো পুনৰ পুত্ৰৰ অত্যাচাৰ বাঢ়ি যোৱাত ষাঠি বছৰীয়া বৃদ্ধাগৰাকীয়ে কন্যাৰ গৃহত আশ্ৰয় ল'বলৈ বাধ্য হয় ৷ ইতিমধ্যে বৃদ্ধাগৰাকীয়ে পুত্ৰ-বোৱাৰীৰ বিৰুদ্ধে অন্য এখন এজাহাৰ দাখিল কৰি উচিত তদন্তৰ দাবী কৰিছে ৷

লগতে পঢ়কঃ অসমতে ভগনীয়া হ’ল অসমীয়া সংস্কৃতি

Intro:Body:আমগুৰি ১৯ জানুৱাৰী:

হালোৱাটিঙত পুত্ৰ-বোৱাৰীৰ নিৰ্যাটনৰ বলি ষাঠি বছৰীয়া বৃদ্ধা: কন্যাৰ গৃহত আশ্ৰয়
……………………………………………………………

শিৱসাগৰ জিলাৰ হালোৱাটিংত নিজ পুত্ৰ-বোৱাৰীৰ হাততে নিৰ্যাটনৰ বলি
এগৰাকী ষাঠি বছৰীয়া বৃদ্ধা

হালোৱাটিং নেপালীবস্তিৰ নিবাসী ক্ষীৰদা ঘৰফলীয়া নামৰ ষাঠি বছৰীয়া বৃদ্ধাগৰাকীক নিজ পুত্ৰ গৌতম ঘৰফলীয়াই দীৰ্ঘদিন ধৰি মানসিকভাৱে অত্যাচাৰ চলোৱাৰ অভিযোগ

নিৰ্যাতিত বৃদ্ধাগৰাকীয়ে বাচি লৈছে চৰমপন্থা। পুত্ৰক কৰিব ত্যাজ্যপুত্ৰ।

এবছৰৰ পূৰ্বে স্বামীহাৰা হোৱা বৃদ্ধা গৰাকীক পুত্ৰ-বোৱাৰীয়ে মানসিকভাৱে হাৰাশাস্তি কৰি পৈত্ৰিক সম্পত্তি বিক্ৰী কৰাৰ চক্ৰান্ত কৰাত উপায়ান্তৰ হৈ অৱশেষত আশ্ৰয় গ্ৰহণ কৰিছে
নিজ কন্যাৰ গৃহত

আনহাতে কন্যাৰ গৃহত আশ্ৰয় গ্ৰহণ কৰা অৱস্থাতো ষাঠি বছৰীয়া বৃদ্ধাগৰাকীক তথা নিজ মাতৃক পুত্ৰ গৌতম ঘৰফলীয়াই বিভিন্ন সময়ত গালি-গালাজ পাৰি মানসিক অশান্তি দি আহিছিল।

নিজ পুত্ৰৰ এনে নিৰ্যাটন সহিব নোৱাৰি যোৱা ২০১৯ চনৰ ২ নৱেম্বৰত পুত্ৰ-বোৱাৰীৰ এনে নিৰ্যাটনৰ বিষয়ে হালোৱাটিং আৰক্ষীক এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহাৰৰ পিছতেই পুত্ৰই দোষ স্বীকাৰ কৰাত মাতৃয়ে এজাহাৰ উঠাই লয়। ইমানৰ পিছতো পুনৰ পুত্ৰৰ অত্যাচাৰ বাঢ়ি যোৱাত পুনৰবাৰ ষাঠি বছৰীয়া বৃদ্ধাগৰাকী কন্যাৰ গৃহত আশ্ৰয় লয়।

ইফালে মাঘবিহু দিনা পুৱা বৃদ্ধাগৰাকীয়ে স্বামীৰ সমাধিত বন্তি প্ৰজ্বলন কৰিবলৈ যাওঁতে পুত্ৰ-বোৱাৰী মিলি পাঁচ হাজাৰ টকা চোৰ কৰাৰ অভিযোগ আনি হালোৱাটিং থানাত বৃদ্ধা মাতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

এই ঘটনাই বৃদ্ধাগৰাকীক মৰ্মাহত কৰি তোলাৰ লগতে মানসিকভাৱে ভাগি পৰে। ইতিমধ্যে বৃদ্ধাগৰাকীয়েও পুত্ৰ-বোৱাৰীৰ বিৰুদ্ধে অন্য এখন এজাহাৰ দাখিল কৰিছে।

নিজ পুত্ৰ-বোৱাৰীৰ হাততেই ষাঠি বছৰীয়া বৃদ্ধা তথা মাতৃগৰাকী আলৈ-আথানি হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে বৃদ্ধাগৰাকীয়ে।।

সমীৰণ দুৱৰা আমগুৰিConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.