ETV Bharat / state

Happy Birthday Zubeen : নলবাৰীত জুবিন গাৰ্গৰ জন্মদিন উদযাপন জুবিন ফেন ক্লাৱৰ

author img

By

Published : Nov 18, 2021, 6:10 PM IST

আজি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ(Zubeen Garg)ৰ ওপজা দিন । মৰমৰ শিল্পীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা জনাইছে সমগ্ৰ ৰাজ্যবাসীয়ে । ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুৰাগীয়ে উদযাপন কৰিছে জুবিনৰ জন্মদিন । নলবাৰীতো জুবিন ফেন ক্লাৱৰ উদ্যোগত পালন কৰা হৈছে শিল্পীগৰাকীৰ ওপজা দিনটো ।

Zubeen Garg Birthday Celebration in Nalbari
নলবাৰীত জুবিন গাৰ্গৰ জন্মদিন উদযাপন জুবিন ফেন ক্লাৱৰ

নলবাৰী, ১৮ নৱেম্বৰ: বহু হৃদয়পৰশা, জনপ্ৰিয় গীতেৰে অসমৰ সংগীত জগত উদ্বুদ্ধ কৰা অসমবাসী ৰাইজৰ মৰমৰ শিল্পী জুবিন গাৰ্গ(Zubeen Garg)ৰ ওপজা দিন । ১৯৭২ চনৰ আজিৰ দিনটোতে মেঘালয়ৰ তুৰাত তেওঁ জন্মগ্ৰহণ কৰিছিল । আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুৰাগীয়ে উদযাপন কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৷ নলবাৰী(Nalbari)তো জুবিন ফেন ক্লাৱ(Zubeen Fan Club)ৰ উদ্যোগত ব্যতিক্ৰমী ধৰণেৰে পালন কৰা হৈছে জুবিনৰ জন্মদিন(Zbeen's Birthday) ।

জনপ্ৰিয় শিল্পীগৰাকীৰ ওপজা দিন উপলক্ষে নলবাৰী চহৰৰ শান্তি নিৱাস অনাথ আশ্ৰমত জুবিন ফেন ক্লাৱৰ সদস্যসকলে বিনামূলীয়া স্বাস্থ্য শিবিৰ(Free Health Camp)ৰ আয়োজন কৰে । লগতে বৃক্ষৰোপণ কাৰ্যসূচী(Plantation programme) আৰু অন্তৰংগ আলাপৰো আয়োজন কৰে আশ্ৰমখনত । এই আশ্ৰমখনত থকা প্ৰতিগৰাকী আবাসীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হয় ।

লগতে জুবিন ফেন ক্লাৱৰ নলবাৰীৰ সদস্যসকলে কেক কাটি, গীত পৰিৱেশন কৰি শিল্পীগৰাকীৰ জন্মদিন পালন কৰে । সকলোৱে জুবিনক জন্মদিনৰ শুভেচ্ছা জনায় আৰু তেওঁ সুস্বাস্থ্য কামনা কৰে ।

উল্লেখ্য যে, আজি অনুৰাগীয়ে জুবিন গাৰ্গক বিভিন্ন ধৰণেৰে শুভেচ্ছা জনোৱা দেখিবলৈ পোৱা গৈছে । কোনোৱে ছবি আঁকি, কোনোৱে গীত গাই মৰমৰ শিল্পীগৰাকীৰ বিশেষ দিনটোত তেওঁলৈ শুভকামনা যাঁচে । আনহাতে, জুবিনক এবাৰ ওচৰৰ পৰা চাবলৈ তেওঁৰ বাসগৃহৰ সন্মুখত ভিৰ কৰে বহু অনুৰাগীয়ে ।

লগতে পঢ়ক:Majuli Raas : ৰাস মহোৎসৱ চাবলৈ মাজুলীলৈ অহা প্ৰতিজন দৰ্শনাৰ্থীৰে কৰা হৈছে Covid test

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.