ETV Bharat / state

সেনাৰ পৰিচয়পত্ৰ লৈ ভিআইপি বাহনেৰে বহিঃৰাজ্যলৈ বন্যপ্ৰাণী সৰবৰাহৰ চেষ্টা - Rangia Police seized two vehicle

বন্যপ্ৰাণী সৰবৰাহ কৰা আন্তঃৰাষ্ট্ৰীয় বৃহৎ চক্ৰ উৎখাত ৰঙিয়া আৰক্ষীৰ । দুখন বিলাসী বাহনৰ পৰা উদ্ধাৰ কেংগাৰু ২ টা, চিম্পাঞ্জী ২ টা, বিভিন্ন প্ৰজাতিৰ বান্দৰ ১৯ টা, কাছ ১৮ টা, ভাটৌ ২ টা (Rangia police rescued wild animal) ৷

Wildlife smuggling abroad in VIP vehicles
ভিআইপি বাহনেৰে বহিঃৰাজ্যলৈ বন্যপ্ৰাণী সৰবৰাহ
author img

By

Published : Sep 8, 2022, 12:14 PM IST

ৰঙিয়া, 8 ছেপ্টেম্বৰ: ৰঙিয়া আৰক্ষীৰ বৃহৎ সফলতা ৷ বন্যপ্ৰাণী সৰবৰাহ কৰা আন্তঃৰাষ্ট্ৰীয় বৃহৎ চক্ৰ উৎখাত ৰঙিয়া আৰক্ষীৰ (Rangia police rescued wild animal)। ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত এটা দলে বৃহস্পতিবাৰে পুৱতি নিশা 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙিয়া চোছাইটি চকত অভিযান চলাই জব্দ কৰে দুখন ভিআইপি বাহন (Wildlife smuggling abroad in VIP vehicles) ।

জব্দকৃত ফৰ্চুনাৰ DL 8C AQ 9876 আৰু ইন'ভা DL 10 CH 7924 গাড়ী দুখনত লৈ অনা হৈছিল কেইবাটাও বন্যপ্ৰাণী(Rangia Police seized two vehicle) ৷ এই অভিযানত কেংগাৰু ২ টা, চিম্পাঞ্জী ২ টা, বিভিন্ন প্ৰজাতিৰ বান্দৰ ১৯ টা, কাছ ১৮ টা, ভাটৌ ২ টা উদ্ধাৰ কৰে আৰক্ষীৰ অভিযানকাৰী দলটোৱে ৷

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বন্যপ্ৰাণীকেইটাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত আনুমানিক মূল্য কেইবা কোটি টকা হ’ব ৷ এই অভিযানৰ সময়ত আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰী তামিলনাডু থানেৰ ৰঘু সিং আৰু ভিলিপুৰমৰ কাৰ্থিক ।

ভিআইপি বাহনেৰে বহিঃৰাজ্যলৈ বন্যপ্ৰাণী সৰবৰাহভিআইপি বাহনেৰে বহিঃৰাজ্যলৈ বন্যপ্ৰাণী সৰবৰাহ

উল্লেখ্য যে বন্যপ্ৰাণী ভৰ্তি বাহন দুখন মিজোৰামৰ সীমাৰ পৰা দিল্লী অভিমুখে গৈ থকা মুহূৰ্তত আৰক্ষীয়ে ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে । এনেধৰণে অসমৰ পৰা বহিঃৰাজ্যলৈ বন্যপ্ৰাণী সৰবৰাহত এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত হৈ আছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে (Two smuggler arrested) ৷

নিশাৰ অন্ধকাৰৰ সুযোগ লৈ দুষ্ট চক্ৰটোৱে এনেদৰে বন্যপ্ৰাণী সৰবৰাহ কৰি আহিছে বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে ৷ উল্লেখ্য যে বন্যপ্ৰাণী সৰবৰাহ কৰি গ্ৰেপ্তাৰ হোৱা লোক এজনে নিজকে সেনাবাহিনীৰ বিষয়াৰ পৰিচয় পত্ৰ দেখুওৱাৰ ঘটনাই আৰক্ষীক হতভম্ব কৰি তুলিছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: গৌৰীসাগৰত লালিগুৰভৰ্তি বাহন জব্দ; আটক 2

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.