ৰঙিয়া,31 আগষ্ট: বিকল পানী যোগান আচঁনিয়ে জ্বলা-কলা খুৱাইছে ৰঙিয়াৰ গড়ভিতৰ বালাগাঁওবাসীক(Water supply line damaged in Rangia) ৷ কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী আঁচনি জলজীৱন মিছন সম্পূৰ্ণৰূপে বিকল হৈ পৰি ৰৈছে ৰঙিয়াৰ গড়ভিতৰ বালাগাঁৱত । স্থানীয় ৰাইজে বিকল হোৱা আঁচনিখন পুনৰ কাৰ্যকৰী কৰি তুলিবলৈ চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি মংগলবাৰে ৰাজপথলৈ ওলাই আহে ।
অতি শীঘ্ৰ আঁচনিখন কাৰ্যক্ষম কৰি তোলাৰ দাবীত অৰ্ধ শতাধিক মহিলাই ধৰ্ণা প্ৰদৰ্শন কৰে(Demanded the resumption of water supply schemes) ৷ 'আমাক বিশুদ্ধ খোৱা পানী যোগান ধৰক' শ্লোগানেৰে বালাগাঁৱৰ পানী যোগান আঁচনিখনৰ চৌহদ উত্তাল কৰি তোলে প্ৰতিবাদী মহিলাসকলে । তথ্য অনুসৰি অঞ্চলটোৰ প্ৰায় আঢ়ৈশ ঘৰ লোকৰ সুবিধাৰ্থে প্ৰায় ১২ বছৰ পূৰ্বে নিৰ্মাণ কৰা পানী যোগান আঁচনিখন এবছৰ পূৰ্বে জলজীৱন মিছন আঁচনিলৈ ৰূপান্তৰিত কৰা হৈছিল(Jal Jeevan Mission) ।
কিন্তু এবছৰ সম্পূৰ্ণ নৌহওঁতেই অভিলাষী আঁচনিখন সম্পূৰ্ণ বিকল হৈ পৰে । আৰম্ভণিৰ প্ৰায় সাত মাহ পানী যোগান ধৰাৰ পিছত প্ৰায় দুমাহৰো অধিক দিন ধৰি আঁচনিখন বন্ধ হৈ আছে । যাৰ বাবে এতিয়া এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলবাসীয়ে(Jal Jeevan mission failed in Rangia) ৷
উল্লেখযোগ্য যে, অঞ্চলটোৰ পানীৰ উৎসসমূহত আইৰণকে ধৰি মানৱ দেহৰ বাবে ক্ষতিকাৰক বিভিন্ন যৌগ মিশ্ৰিত হৈ আছে যদিও আঁচনিখনৰ পানী যোগান বন্ধ হৈ পৰাত অঞ্চলটোৰ লোকসকলে অপৰিষ্কাৰ পানী সেৱন কৰিবলৈ বাধ্য হৈছে । কেইবা লক্ষাধিক টকা ব্যয় কৰি নিৰ্মাণ কৰি উলিওৱা জলজীৱন মিছনৰ এই আঁচনিখন এতিয়া অঞ্চলবাসীৰ বাবে বগাহাতীত পৰিণত হৈছে ।
ৰাইজে শীঘ্ৰে এই পানী যোগান আঁচনিটো পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনাইছে । অন্যথা গণতান্ত্ৰিকভাৱে ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৰাইজে ।
লগতে পঢ়ক: ৰঙিয়াত দীৰ্ঘদিনে বিকল পানী যোগান আঁচনি