নলবাৰী, 8 জুন: মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে দায়িত্ব পালন কৰি অহা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱাই বৃহস্পতিবাৰে শপত গ্ৰহণ কৰিব মন্ত্ৰী হিচাবে(Jayanta Malla Baruah got ministerial berth) ৷ ইয়াকে লৈ উৎফুল্লিত হৈ পৰিছে বিধায়কগৰাকীৰ সমৰ্থকসকল ৷ বুধবাৰে সন্ধিয়া নলবাৰীত উদযাপন কৰা হ’ল আবতৰীয়া দেৱালী ৷
বুধবাৰে অসম মন্ত্ৰীসভাত দুজনকৈ বিধায়কক স্থান দিয়া হ’ল (Assam Cabinet Expansion)৷ ইয়াৰে এজন নলবাৰীৰ জয়ন্ত মল্ল বৰুৱা আৰু আনগৰাকী হাফলঙৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হোৱা উচ্চ শিক্ষিতা নন্দিতা গাৰ্লোচা ৷ বহু জল্পনা-কল্পনাৰ অন্তত এই দুই বিধায়কক মন্ত্ৰীসভাত স্থান দিয়াত উৎফুল্লিত হৈ পৰিছে সমৰ্থকসকল ৷
জয়ন্তমল্ল বৰুৱাৰ সমৰ্থকসকলে পথৰ মাজত ফটকা ফুটাই আনন্দ-উল্লাস কৰা দেখা গ’ল ৷
লগতে পঢ়ক: নতুন মন্ত্ৰী: কাইলৈ শপত ল'ব জয়ন্তমল্ল বৰুৱা-নন্দিতা গাৰ্লোচাই