নলবাৰী,২২ আগষ্ট: ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ কল্যাণৰ অৰ্থে নিতৌ ন ন আঁচনি প্ৰস্তুত কৰি আহিছে যদিও অদ্যপি চৰকাৰৰ কোনো অভিলাষী আঁচনিয়ে ঢুকি নোপোৱা বৰক্ষেত্ৰীৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ জীৱন গাঁঠাই হতচকিত কৰি তুলিছে পথচাৰীক(No ambitious scheme of government has reached a couple from Nalbari) ৷ জীয়াই থকাৰ দুৰ্বাহ হেঁপাহ পুহি ৰখা দম্পত্তিটোৱে জলসম্পদ বিভাগৰ মথাউৰিটোকে শেষ আশ্ৰয়স্থলী হিচাপে বাচি লৈছে ৷
নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত চতেমাৰী গাঁৱৰ এটি দুৰ্ভগীয়া দম্পত্তিৰ জীৱন পৰিক্ৰমাই ব্যথিত কৰি তুলিছে প্ৰত্যক্ষদৰ্শীক ৷ ৬১ নং ঘোগা গাঁও পঞ্চায়তৰ অন্তৰ্গত পশ্চিম চতেমাৰী গাঁৱৰ ষাঠিৰোৰ্ধৰ নাৰায়ন দাস আৰু তেওঁৰ দুৰ্ভগীয়া পত্নীৰ কৰুণ জীৱন সংগ্ৰামে হৃদয় গলাব পৰা নাই জনপ্ৰতিনিধি কিম্বা ৰাজনৈতিক নেতা-পালিনেতা সকলৰ ৷
প্ৰাপ্ত খবৰ অনুসৰি চল্লিছ বছৰ পূৰ্বে কামৰূপ জিলাৰ দক্ষিণপাৰৰ কোনো প্ৰান্তৰ পৰা নাৰায়ন দাসে চতেমাৰী গাঁৱলৈ আহি গাঁৱখনৰ মৎস্যজীৱী লোকসকলৰ স'তে সহবাস কৰিবলৈ আৰম্ভ কৰিছিল ৷ বিশাল ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া গাঁওবাসীৰ লগতে মহাবাহুত মৎস্য স্বীকাৰ কৰি সাধাৰণ জীৱন অতিবাহিত কৰিবলৈ লয় নাৰায়ন দাসে ৷ পৰবৰ্তী সময়ত সেই গাঁওখনৰে পদ্দা দাসক পত্নী হিচাপে আঁকোৱালি লয় ৷
গাঁওখনৰ ৰাজহুৱা কালী মন্দিৰৰ সন্মুখভাগত পদ্দা দাসৰ আত্মীয় এগৰাকীৰ ভূমিত বাসগৃহ সাঁজি অস্থায়ীভাৱে থকা নাৰায়ন দাসে পৰবৰ্তী সময়ত দুই কন্যা সন্তানৰ পিতৃ হয় ৷ দুয়োগৰাকী কন্যাৰ বিবাহৰ পিছত ক্ৰমাৎ নিসংগতাই আৱৰি ধৰা দম্পত্তিটোৱে লাহে লাহে বয়সৰ ওচৰত হাৰ মানিবলৈ ধৰে ৷ দুবছৰ পূৰ্বে হঠাতে স্তব্ধ হৈ পৰে পত্নী পদ্দা দাসৰ জীৱন সংগ্ৰাম ৷
কোনো কাৰণবশত পত্নীয়ে চকুহালেৰে পৃথিৱীৰ পোহৰ দেখাৰ পৰা বঞ্চিত হবলগীয়া হোৱাত স্তব্ধ হৈ পৰে পদ্দা দাসৰ চলন ফুৰণ ৷ তদুপৰি যিডোখৰ ঠাইত দীৰ্ঘদিনে অস্থায়ীভাৱে বাহৰ পাতি আহিছিল, সেই ঠাইডোখৰত এইবেলি পানীৰে উপচি পৰাত আলৈ-আথানিৰ সৃষ্টি হয় বৃদ্ধ দম্পত্তীৰ ৷ অৱশেষত বিগত চাৰি-পাঁচ মাহ পূৰ্বে দুয়োৰে আলৈ-আথানি দেখি অঞ্চলটোৰ কেইগৰাকীমান মানৱ দৰদী যুৱকে পানীৰ মাজৰ পৰা উদ্ধাৰ কৰি আনি জলসম্পদ বিভাগৰ মথাউৰিত আশ্ৰয়ৰ সুবিধা কৰি দিয়ে ৷
শেহতীয়াভাৱে মথাউৰিতে সৰু জুপুৰী এটাত আশ্ৰয় লৈ থকা নাৰায়ন দাসে দুৰ্ভগীয়া পত্নীক আশ্ৰয়স্থলীত এৰি ভিক্ষা মাগিবলৈ আৰম্ভ কৰে ৷ অঞ্চলটোৰ বিভিন্ন ঠাইৰ পৰা খুজি মাগি আনি কিবাকৈ যোগাৰ কৰিছে অন্নমুঠি ৷ উল্লেখ্য যে এই বৃদ্ধ দম্পত্তীয়ে এনেধৰণে কৰুণ জীৱন সংগ্ৰাম কৰি অহা স্বত্তেও আজিকোপতি পঞ্চায়ত প্ৰতিনিধি কিম্বা ৰাজনৈতিক নেতা-পালি নেতা সকলৰ কৃপা দৃষ্টি নপৰিল ৷ আনকি চৰকাৰৰ কৃষক আঁচনি, অৰুণোদয় আঁচনি, সাৰ্বজনীন বৃদ্ধ পেঞ্চন, বিশেষভাৱে সক্ষম লোকৰ আঁচনিকে ধৰি কোনো আঁচনিয়ে স্পৰ্শ কৰিব পৰা নাই পৰিয়ালটোক ৷ বিনামুলীয়া বিদ্যুৎ সেৱা লাভৰ পৰাও বঞ্চিত নাৰায়ন দাস ৷
লগতে পঢ়ক: উৰুখা পঁজাৰ বতৰা শুনিবলৈ আহৰি নাই ৰজাঘৰীয়াৰ