নলবাৰী, ২০ মাৰ্চ: দেওবাৰে নলবাৰীৰ বৰক্ষেত্ৰী মহাবিদ্যালয়ত ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ (BJP Nalbari District Minority Morcha) উদ্যোগত অনুষ্ঠিত কৰা হয় তৃতীয় কাৰ্যনিৰ্বাহক সভা (Third Executive Meeting of BJP Minority Morcha) । উক্ত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা (MP Queen Oja) । আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে এই কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰা হয় ।
নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি চবিৰ আহমেদে সভাপতিত্ব কৰা কাৰ্যনিৰ্বাহক সভাখনত স্থানীয় তথা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ লগতে উপস্থিত থাকে জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকা (GMDA chairman Narayan Deka) । লগতে উপস্থিত থাকে নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ বিষয়ববীয়াসকল । উক্ত কাৰ্যনিৰ্বাহক সভাৰ শেষত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত সাংসদ কুইন ওজাই আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।
আগন্তুক লোকসভা নিৰ্বাচনত (Lok Sabha election 2024) অসমত বিজেপিয়ে ১২ খন আসন দখল কৰাতো নিশ্চিত বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে । আনহাতে বিৰোধী দলসমূহ একত্ৰিত হৈ আগন্তক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সন্দৰ্ভত সাংসদ কুইন ওজাই কয় যে, বিজেপিয়ে বহুতো উন্নয়নমূলক কাম কৰিছে । কোনো বিৰোধী শক্তিয়ে বিজেপিক পৰাভূত কৰিব নোৱাৰে (MP Queen Oja on Lok Sabha election)।
লগতে তেওঁ কয় যে, আজি সংখ্যালঘুসকলে সুৰক্ষা লাভ কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সকলোকে একত্ৰিত কৰি উন্নয়ণমূলক কাম কৰাৰ প্ৰয়াস কৰিছে BJP চৰকাৰে । সংখ্যালঘু কিশোৰীসকলে শিক্ষাৰ অধিকাৰ লাভ কৰিছে । গৰিয়া মৰীয়া সকলোকে এক স্বীকৃতি দিছে । গতিকে সংখ্যালঘুসকলৰ মৰম BJP য়ে নিশ্চয় লাভ কৰিব বুলি উল্লেখ কৰে । ইয়াত বিৰোধীৰ প্ৰভাৱ কোনো কাৰণতে নপৰে বুলি উল্লেখ কৰে সাংসদ কুইন ওজাই (BJP MP queen Oja slams oppositions) ।
তেওঁ লগতে কয় যে, বিৰোধী দলবোৰ একত্ৰিত হৈছে যদিও বিজেপিৰ একো ক্ষতি কৰিব নোৱাৰে । আগন্তুক লোকসভা নিৰ্বাচনত অসমত বিজেপিয়ে ১২ খন আসন দখল কৰাতো নিশ্চিত বুলি কয় সাংসদ কুইন ওজাই । ইফালে লোকসভাৰ ১৪ খন আসনেই কংগ্ৰেছৰ লক্ষ্য বুলি কোৱা সন্দৰ্ভত সাংসদ কুইন ওজাই কয় যে, কংগ্ৰেছে কি কৰি আছে সেয়া সকলোৱে দেখিছে । গতিকে কংগ্ৰেছৰ কথা নোকোৱাই ভাল ।
লগতে পঢ়ক: AASU protest : নামৰূপ সাৰ কাৰখানা ব্যক্তিগতকৰণৰ সিদ্ধান্ত কোনোপধ্যেই মানি লোৱা নহয়