ETV Bharat / state

ভ্ৰাম্যমান বিদ্যালয় নীতি প্ৰৱৰ্তনেৰে শিক্ষাদান নলবাৰীত

নলবাৰীৰ মুকালমুৱাত গছৰ তলত শিক্ষাগ্ৰহণ শিক্ষাৰ্থীৰ ৷ লক্​ ডাউনৰ বাবে শিক্ষা ব্যৱস্থা ব্য়াহত নহ’বলৈ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ বৰতলা হাইস্কুল কৰ্তৃপক্ষৰ ৷ বিদ্য়ালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান শিক্ষাৰ্থীক ৷ সামাজিক দূৰত্ব মানি শিক্ষাগ্ৰহণ শিক্ষাৰ্থীৰ ৷

author img

By

Published : May 14, 2020, 5:12 PM IST

studied is going on under tree during lock down nalbari assam etv bharat news
ভ্ৰাম্যমান বিদ্যালয় নীতি প্ৰৱৰ্তন

নলবাৰী,14 মে’: শেহতীয়া পৰিস্থিতিৰ বাবে একপ্ৰকাৰ স্তব্ধ হৈ পৰা শিক্ষা ব্যৱস্থা পুনৰুজ্জীৱিত কৰিবলৈ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ নলবাৰীত ৷ জিলাখনৰ মুকালমুৱাস্থিত বৰতলা হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলক এতিয়া প্ৰতিদিনে বিশেষভাৱে পাঠদান দিয়া হৈছে । বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি শশীভূষণ ডেকা আৰু প্ৰধান শিক্ষক চবিন চন্দ্ৰ কলিতাৰ তত্ত্বাৱধানত বৰতলা হাইস্কুল কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই ব্যতিক্ৰমী পদক্ষেপ । বিদ্যালয়খনৰ অধীনত শিক্ষাগ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকল বাস কৰা চুবুৰীত পৃথকে পৃথকে পাঠদান দিয়াৰ ব্যৱস্থা কৰিছে বিদ্য়ালয় কৰ্তৃপক্ষই ৷ বিদ্যালয়খনৰ শিক্ষক তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে সামাজিক দূৰত্ব মানি মাস্ক, চেনিটাইজাৰ আদি ব্যৱহাৰ কৰি প্ৰতিদিনে পাঠদানত অংশগ্ৰহণ কৰি আহিছে ।

ভ্ৰাম্যমান বিদ্যালয় নীতি প্ৰৱৰ্তন

আনহাতে, দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ প্ৰতি লক্ষ্য ৰাখি পাঠদানৰ অন্তত পৰীক্ষাৰ ব্যৱস্থা কৰিছে বিদ্য়ালয়খনে ৷ লগতে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা বিশেষ পাঠদানৰ দিহা কৰিছে । উল্লেখ্য যে, অঞ্চলটোৰ বিভিন্ন প্ৰান্তত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে একপ্ৰকাৰ ভ্ৰাম্যমান অস্থায়ী পাঠশালা গঢ়ি তুলিছে বৰতলা হাইস্কুল কৰ্তৃপক্ষই ।

লগতে চাওকঃ লক্ ডাউনঃ আৰ্থিক সংকটত অসমৰ দেৱালয় তথা তীৰ্থস্থান সমূহ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.