ETV Bharat / state

বিশিষ্ট সাহিত্যিক সাহিত্যচাৰ্য ড0 বসন্ত কুমাৰ ভট্টাচাৰ্যৰ কথাৰে... - অসমীয়া সাহিত্য

অসমীয়া সাহিত্যত জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিক, সমালোচক, অধ্যাপক, নাট্যকাৰ, ‘নলবাৰী ৰত্ন’ ড0 বসন্ত কুমাৰ ভট্টাচাৰ্য ৷ তেওঁৰ অলংকাৰ সদৃশ ভাষণে প্ৰতিজন লোকক মোহাচ্ছন্ন কৰি পেলায় প্ৰতিজন লোকক । প্ৰগাঢ় জ্ঞানৰ গৰাকী এইগৰাকী ড0 বসন্ত কুমাৰ ভট্টাচাৰ্যৰ জীৱনৰ কথাৰে ইটিভি ভাৰতৰ এক প্ৰতিবেদন...

Story of Sahityacharya Dr Basanta Kumar Bhattacharya
বিশিষ্ট সাহিত্যিক সাহিত্যচাৰ্য ড0 বসন্ত কুমাৰ ভট্টাচাৰ্যৰ কথাৰে
author img

By

Published : Jul 17, 2020, 4:54 PM IST

নলবাৰী, 16 জুলাই : নলবাৰী জিলাৰ লগতে অসমৰ সাহিত্য জগতলৈ এক অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিক ড0 বসন্ত কুমাৰ ভট্টাচাৰ্য অসমীয়া সাহিত্য জগতৰ এগৰাকী পুৰোধা ব্যক্তি । 1942 চনত নলবাৰীৰ বাউসীয়াপাৰা গাঁৱত জন্মগ্ৰহণ কৰা ড0 বসন্ত কুমাৰ ভট্টাচাৰ্য সৰুৰে পৰা অতি মেধাৱী আছিল । 1966 চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু 1996 চনত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ।

1967 চনত সাহিত্যিক ড0 ভট্টাচাৰ্যই সৰভোগৰ বৰনগৰ কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল । ইয়াৰ পিছত তেওঁ 1968 চনত নলবাৰী কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কাম কৰি 2002 চনত মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে । সাহিত্যিক তথা অধ্যাপক গৰাকীয়ে পঢ়ি থকাৰ সময়ছোৱাৰে পৰা লিখা-মেলাৰ কাম আৰম্ভ কৰিছিল ৷ প্ৰথম অৱস্থাত বিভিন্ন আলোচনী, বাতৰি কাকত আদিত লিখা-মেলা কৰিছিল যদিও পৰৱৰ্তী সময়ত 75 খনকৈ গ্ৰন্থ প্ৰকাশ কৰে সাহিত্যিকগৰাকীয়ে । তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত ভাষা বিজ্ঞান প্ৰৱেশ, দুহাত মেলি শূন্যতাত, স্বপ্ন দুস্বপ্নৰ ভগ্নাংশ, লফা হালি পৰে পাতে আদি অন্যতম ৷

বিশিষ্ট সাহিত্যিক সাহিত্যচাৰ্য ড0 বসন্ত কুমাৰ ভট্টাচাৰ্যৰ কথাৰে
উল্লেখ্য় যে, সাহিত্যিকৰ লগতে নাট্যকাৰ হিচাপেও পৰিচিত ড0 বসন্ত কুমাৰ ভট্টাচাৰ্য ৷ তেওঁ লিখা বহুকেইখন নাট অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰত ইতিমধ্যে মঞ্চস্থ কৰা হৈছে ৷ তেওঁৰ তীক্ষ্ণ কলমত সৃষ্টি হৈছে একাংকিকা নাটৰ পৰা আৰম্ভ কৰি পূৰ্ণাংগ নাট । ভ্ৰাম্যমাণত মঞ্চস্থ হোৱা তেওঁৰ নাটসমূহ হৈছে- ক্লান্তি কল্লোল, শতাব্দীৰ মৃত্যু, জীৱন কল্লোল, খোজ ইত্যাদি । তেওঁৰ দ্বাৰা ৰচিত নাটসমূহ সুৰাদেৱী থিয়েটাৰ, লখিমী থিয়েটাৰ, ৰূপকোঁৱৰ থিয়েটাৰ, বিষ্ণু জ্যোতি থিয়েটাৰ, উপহাৰ থিয়েটাৰ আৰু মহামন্দ শৰ্মাৰ দ্বাৰা পৰিচালিত অস্পৰা থিয়েটাৰত মঞ্চস্থ কৰা হৈছে ।

সম্প্ৰতি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান,সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত হৈ আছে সাহিত্যিকগৰাকী । অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সংস্থাৰ লগতে তেওঁ বৰ্তমান সদৌ অসম কবি সন্মিলনৰ সভাপতিৰ আসন অলংকৃত কৰি আছে । বহুকেইটা গুণৰ অধিকাৰী হৈয়ো কিন্তু এক সাধাৰণ জীৱন-যাপন কৰি আছে সাহিত্যিক বসন্ত কুমাৰ ভট্টাচাৰ্যই । সাহিত্যিক তথা নাট্যকাৰ ড0 ভট্টাচাৰ্যক ইতিমধ্যে বিভিন্ন সন্মানেৰে সন্মানিত কৰা হৈছে ৷ সমন্বয় বঁটা, ৰামধেনু বঁটা, এনাজৰী বঁটা, অসম নাট্য সন্মিলনৰ দ্বাৰা কৃপানাথ বৈশ্য সাহিত্য বঁটাৰে তেওঁক সন্মানিত কৰা হয় ৷ 2016 চনত ড0 ভট্টাচাৰ্যক অসম সাহিত্য সভা সমাৱৰ্তন পৰম বিশিষ্ট সন্মান ‘সাহিত্যচাৰ্য’ উপাধিৰে সন্মানিত কৰা হয় । 2014 চনত নলবাৰী সাহিত্য সভাই তেওঁক ‘নলবাৰী ৰত্ন’ বঁটা প্ৰদান কৰে ।

বাউসীয়াপাৰাৰ পৰা নলবাৰীৰ চহৰৰ বিদ্যাপুৰত 78 বছৰীয়া সাহিত্যিকগৰাকীয়ে পত্নী, পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰ সৈতে সুখেৰে বাস কৰে । বিলাসী জীৱনৰ প্ৰতি মোহ নথকা এইগৰাকী সাহিত্যিকে আজিও ব্যস্ত হৈ থাকে সাহিত্য চৰ্চাত । অৱসৰ বিনোদনৰ সময়ত তেওঁৰ মন-মগজু আজিও ব্যস্ত কেৱল ‘কিতাপ’ত ।

লগতে পঢ়ক : যোৰহাটত ফ্লপ শ্ব’লৈ পৰিণত লক ডাউন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.