ETV Bharat / state

বৰক্ষেত্ৰীত জীৱিকা সখীলৈ স্কুটী প্ৰদান

author img

By

Published : Feb 25, 2021, 8:54 AM IST

বৰক্ষেত্ৰীৰ মুকালমুৱাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মহিলা সমাৰোহ ৷ সমাৰোহত 43 গৰাকী জীৱিকা সখীৰ মাজত একোখনকৈ স্কুটী বিতৰণ ৷ বৰক্ষেত্ৰী অঞ্চলৰ মহিলা আত্মসহায়ক গোটসমূহৰ মাজত 50 হাজাৰকৈ ৰাজ সাহায্য প্ৰদান ৷

বৰক্ষেত্ৰীত 43 গৰাকী জীৱিকা সখীলৈ স্কুটী

নলবাৰী,25 ফেব্ৰুৱাৰী: বুধবাৰে বৰক্ষেত্ৰীৰ মুকালমুৱাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত অনুষ্ঠিত হয় মহিলা সমাৰোহ-2021 ৷ উক্ত সমাৰোহতে বৰক্ষেত্ৰী সমষ্টিৰ 43 গৰাকী জীৱিকা সখীক একোখনকৈ স্কুটী প্ৰদান কৰা হয় ৷ মুকালমুৱাৰ দেশভক্ত ময়দানত অনুষ্ঠিত পঞ্চায়ত আৰু গ্ৰমোন্নয়ন বিভাগৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ এই মহিলা সমাৰোহত জীৱিকা সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত জীৱিকা সখীসকলৰ মাজত স্কুটীসমূহ বিতৰণ কৰা হয় ৷

উল্লেখ্য যে, জীৱিকা সখীসকলৰ মাজত স্কুটী বিতৰণ কৰাৰ উপৰিও সমাৰোহখনত মহিলা সবলীকৰণ যোজনাৰ অধীনত বৰক্ষেত্ৰী অঞ্চলৰ মহিলা আত্মসহায়ক গোটসমূহৰ মাজত 50 হাজাৰ টকাকৈ ৰাজ সাহায্য প্ৰদান কৰা হয় ৷

সমাৰোহত বৰক্ষেত্ৰীৰ 43 গৰাকী জীৱিকা সখীৰ মাজত স্কুটী বিতৰণ

সমাৰোহত উপস্থিত থাকি সমষ্টিটোৰ বিধায়ক নাৰায়ণ ডেকাই মন্তব্য কৰি কয় যে, অসম আত্ম নিৰ্ভৰশীল হ'বলৈ হ'লে প্ৰথমে মহিলাসকল আত্ম নিৰ্ভৰশীল হ'ব লাগিব ৷ সেইবাবে অসম চৰকাৰে মহিলাসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি মুকলি কৰিছে বুলি ডেকাই মন্তব্য কৰে ৷

বিধায়ক ডেকাৰ লগতে সমাৰোহখনত উপস্থিত থাকে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালিকা কৃষ্ণা বৰুৱা, জিলা উপায়ুক্ত পূৰৱী কোঁৱৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ দাসকে ধৰি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নলবাৰী জিলাৰ বিষয়ববীয়াসকল ৷

লগতে পঢ়ক: 'দাদা ব্ৰীগেড'ৰ কপাল ফুলাবলৈ সাজু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.