ETV Bharat / state

Heat Wave Hits Assam: প্ৰচণ্ড গৰম, নলবাৰীত বিদ্যালয়ৰ সময়ৰ সালসলনি জিলা আয়ুক্তৰ - Heat Wave Hits Assam

অত্যাধিক গৰমৰ বাবে নলবাৰীত সালসলনি কৰা হৈছে বিদ্যালয় সমূহৰ পাঠদানৰ সময় সূচী ৷ মঙলবাৰৰ পৰা পুৱা ৭:৩০ বজাৰ পৰা নলবাৰী জিলাৰ সকলো বিদ্যালয় তথা শিক্ষানুষ্ঠান সমূহত ছাত্র-ছাত্ৰীক পাঠদান কৰিবলৈ নিৰ্দেশ জিলা আয়ুক্তৰ (School time change in Nalbari) ৷

Heat Wave Hits Assam
প্ৰচণ্ড গৰম
author img

By

Published : Jun 5, 2023, 4:09 PM IST

নলবাৰী, ৫ জুন: প্ৰচণ্ড গৰমে দহিছে ৰাজ্য । দিনক দিনে তাপমাত্ৰা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৰাজ্যত ৷ গৰমৰ প্ৰকোপত দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ব্যাহত হৈছে স্বাভাৱিক জীৱন যাত্ৰা ৷ প্ৰচণ্ড গৰমৰ ফলত অসুস্থ হৈ পৰিছে বহু লোক (Heat Wave Hits Assam) ৷

শিক্ষানুষ্ঠান সমূহতো ব্যাঘাত জন্মিছে নিয়মীয়া পাঠদানত ৷ গৰমৰ প্ৰকোপত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিদ্যালয় সমূহৰ কণ কণ শিক্ষাৰ্থী সকল পাঠদানৰ সময়তে অসুস্থ হৈ চিকাৎসাধীন হ’ব লগা হোৱাৰ খবৰো সময়ে সময়ে পোৱা গৈছে ৷ ফলত ঠায়ে ঠায়ে বিদ্যালয় সমূহৰ পাঠদানৰ সময় সালসলনি কৰিবলৈ বাধ্য হৈছে প্ৰশাসন তথা বিদ্যালয় কৰ্তৃপক্ষ ৷ কেইবাখনো জিলাত ছাত্র-ছাত্ৰীৰ স্বাস্থ্যৰ সুৰাক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে সালসলনি হৈছে বিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়াৰ সময়সূচী (Heatwave disrupts normal life across Assam) ।

ৰাজ্যৰ আন প্ৰান্তৰ লগতে উৎকট গৰমে দহিছে নলবাৰী জিলাকো ৷ গৰমৰ ফলত ব্যাঘাত জন্মিছে জিলাখনৰ শিক্ষানুষ্ঠান সমূহৰ নিয়মীয়া পাঠদানত ৷ অত্যাধিক গৰমৰ বাবে নলবাৰীতো সালসলনি কৰা হৈছে বিদ্যালয় সমূহৰ পাঠদানৰ সময় সূচী ৷ মঙলবাৰৰ পৰা পুৱা ৭:৩০ বজাৰ পৰা নলবাৰী জিলাৰ সকলো বিদ্যালয় তথা শিক্ষানুষ্ঠান সমূহত ছাত্র-ছাত্ৰীক পাঠদান কৰিবলৈ নিৰ্দেশ জিলা আয়ুক্ত গীতিমণি ফুকনৰ ৷ প্ৰচণ্ড গৰমৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ মৰ্মে অসমৰ যিসমূহ জিলাত প্ৰচণ্ড গৰমে দহিছে, তেনে অঞ্চল তথা জিলাত জিলা প্ৰশাসন তথা আয়ুক্ত সকলক নিজাববীয়াকৈ পাঠদানৰ সময় নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল (School time change in Nalbari For Weather) ৷

Heat Wave Hits Assam
নলবাৰীত বিদ্যালয়ৰ সময়ৰ সালসলনি

সেইমৰ্মে আজি নলবাৰী জিলাতো বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰে জিলা প্ৰশাসনে । ছাত্র-ছাত্ৰীৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পুৱা ৭:৩০ বজাৰ পৰা দিনৰ ১২ বজালৈ প্ৰাথমিক বিদ্যালয় , পুৱা ৭:৩০ বজাৰ পৰা দুপৰীয়া ১২:৩০ বজালৈ মধ্য ইংৰাজী বিদ্যালয় আৰু পুৱা ৭:৩০ বজাৰ পৰা দিনৰ ১:১৫ লৈ উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা শিক্ষানুষ্ঠান সমূহক পাঠদান প্ৰক্ৰিয়া চলাবলৈ জিলা আয়ুক্ত গীতিমণি ফুকনৰ স্বাক্ষৰ সম্বলিত নিৰ্দেশ প্ৰেৰণ কৰা হয় শিক্ষানুষ্ঠানসমূহলৈ (School time change in Nalbari) ৷

লগতে পঢ়ক: World Environment day: ঘৰৰ চৌহদতে গঢ়ি তুলিছে তপোবন সদৃশ বাগিচা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.