ETV Bharat / state

এবছৰতেই জৰাজীৰ্ণ হ'ল কোটিটকীয়া পথ - NAlbari

চহৰখনৰ বৰকুৰাৰ পৰা গোপাল বজাৰ হৈ ইণ্ডাষ্ট্ৰী চ’ক সংযোগী পথটোৰ নিৰ্মাণত সংঘটিত হৈছিল বহু টকাৰ দূৰ্নীতি ৷ বিধায়ক অশোক শৰ্মাৰ ঘনিষ্ঠ হোৱাৰ বাবেই ঠিকাদাৰ জ্যোতিপ্ৰসাদ বৈশ্যই পথচোৱাৰ নিৰ্মাণত সংঘটিত কৰিছিল অবাধ দূৰ্নীতি ৷ যাৰ বাবে এতিয়া পথচোৱাৰ অৱস্থাই জীয়াতু ভোগাইছে স্থানীয় ৰাইজক ৷

এবছৰতেই জৰাজীৰ্ণ হ'ল কোটিটকীয়া পথ
author img

By

Published : Jun 9, 2019, 10:48 PM IST

নলবাৰী, 9 জুনঃ এবছৰতে জৰাজীৰ্ণ হ'ল বিজেপি নেতাৰ আশীৰ্বাদপুষ্ট ঠিকাদাৰে বনোৱা পথৰ অৱস্থা ৷ নলবাৰীৰ বৰকুৰাৰ পৰা গোপাল বজাৰ হৈ ইণ্ডাষ্ট্ৰী চ'ক সংযোগী পথচোৱাত নিৰ্মাণত সংঘটিত হয় বহু টকাৰ দূৰ্নীতি ৷

অধিক পঢ়কঃ উপ নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ

বিধায়ক অশোক শৰ্মাৰ আশীৰ্বাদপুষ্ট ঠিকাদাৰ জ্যোতিপ্ৰসাদ বৈশ্যই সংঘটিত কৰে এই অনিয়ম ৷ কোটি টকাৰে নিৰ্মাণ কৰা পথছোৱা মুকলিৰ এবছৰ পাছতে জহি-খহি যোৱাৰ লগতে বিভিন্ন ঠাইত সৃষ্টি হৈছে পুখুৰীসদৃশ গাঁতৰ ৷ প্ৰশ্ন হয় দূৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতি ঘোষণা কৰা সৰ্বানন্দ চৰকাৰে এইবোৰ বিষয় দেখিও নেদেখে নেকি? গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷

নলবাৰী, 9 জুনঃ এবছৰতে জৰাজীৰ্ণ হ'ল বিজেপি নেতাৰ আশীৰ্বাদপুষ্ট ঠিকাদাৰে বনোৱা পথৰ অৱস্থা ৷ নলবাৰীৰ বৰকুৰাৰ পৰা গোপাল বজাৰ হৈ ইণ্ডাষ্ট্ৰী চ'ক সংযোগী পথচোৱাত নিৰ্মাণত সংঘটিত হয় বহু টকাৰ দূৰ্নীতি ৷

অধিক পঢ়কঃ উপ নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ

বিধায়ক অশোক শৰ্মাৰ আশীৰ্বাদপুষ্ট ঠিকাদাৰ জ্যোতিপ্ৰসাদ বৈশ্যই সংঘটিত কৰে এই অনিয়ম ৷ কোটি টকাৰে নিৰ্মাণ কৰা পথছোৱা মুকলিৰ এবছৰ পাছতে জহি-খহি যোৱাৰ লগতে বিভিন্ন ঠাইত সৃষ্টি হৈছে পুখুৰীসদৃশ গাঁতৰ ৷ প্ৰশ্ন হয় দূৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতি ঘোষণা কৰা সৰ্বানন্দ চৰকাৰে এইবোৰ বিষয় দেখিও নেদেখে নেকি? গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷

Slug=A Damaged Road...9Jun...
Story ftp


#কোটি টকাৰে নিৰ্মাণ কৰা এটা পথ#
#কিন্তু নিৰ্মাণৰ এবছৰ নৌহওঁতে জৰাজীৰ্ণ ৰূপ পথচোৱাৰ#
#পথ নিৰ্মাণত কেলেংকাৰী হোৱাৰ অভিযোগ ৰাইজৰ#
#সমগ্ৰ পথচোৱা কলা কৰিয়ে দায়িত্ব সামৰিছিল ঠিকাদাৰে#
#ঠিকাদাৰ-অভিযন্তাই মিলি ধন আত্মসাৎ কৰাৰ অভিযোগ#
#বিধায়কৰ ঘনিষ্ঠ হোৱা বাবেই পালমৰা কাম কৰিয়ে দায়িত্ব সামৰিছিল ঠিকাদাৰ জ্যোতিপ্ৰসাদ বৈশ্যই#
#পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে পথচাৰীৰ লগতে স্থানীয় লোকক#



V.O=প্ৰথমে এই পথটোলৈ মন কৰক৷নলবাৰী চহৰৰ এইটো এটা অতি ব্যস্ত পথ৷চহৰখনৰ বৰকুৰাৰ পৰা গোপাল বজাৰ হৈ ইণ্ডাষ্ট্ৰী চ’ক সংযোগী এই পথচোৱাৰ সম্প্ৰতি দুৰৱস্থা এয়া৷পিছে ভুল নুবুজিব৷পৰিৱৰ্তনকামী বিজেপি চৰকাৰে অবেহেলা কৰি নিৰ্মাণ নকৰা পথ নহয় এইটো৷প্ৰায় এবছৰ পূৰ্বে গড়কাপ্তানি বিভাগে কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰিছিল পথচোৱা৷কিন্তু নিৰ্মাণৰ সম্পূৰ্ণ এবছৰ নৌহওঁতেই পথটোৰ এনে জৰাজীৰ্ণ ৰূপ৷পিছে ইয়াৰ কাৰণ কি জানেনে?ইয়াৰ কাৰণ হৈছে ঠিকাদাৰৰ মইমতালি৷স্থানীয় বিধায়ক অশোক শৰ্মাৰ অতি ঘনিষ্ঠ আৰু আশীৰ্বাদপুষ্ট হোৱা বাবেই ঠিকাদাৰে পালমৰা কাম কৰিয়ে এই নৰক যন্ত্ৰণা খুৱাইছে পথচাৰীৰ লগতে স্থানীয় লোকক৷উল্লেখযোগ্য যে নিৰ্মাণৰ প্ৰায় ২/৩ মাহ পিছৰ পৰা পথচোৱা জহিখহি গৈছে এইদৰে৷আৰু আজি পথচোৱা এই তথৈবচ অৱস্থা৷কোনোধৰণৰ বিজ্ঞান সন্মত পদ্ধতি অৱলম্বন নকৰাকৈ পথচোৱা নিৰ্মাণ কৰাৰ ফলতে আজি জীয়াতু ভুগিছে সৰ্বসাধাৰণ জনতাই।সম্প্ৰতি পথৰ মাজত,পথটোৰ দুয়ো কাষে প্ৰচণ্ড গাত৷যেন পথ নহয়,এয়া পুখুৰীহে৷স্থানীয় লোকৰ অভিযোগ--ঠিকাদাৰ আৰু অভিযন্তাই মিলি পথ নিৰ্মাণৰ নামত চৰকাৰী ধনৰ শৰাধ পতাৰ ফলতে পথচোৱাৰ আজি এই দুৰৱস্থা৷পুৰণা পথৰ ওপৰতে কেৱল মাত্ৰ কলা কৰিয়ে ধন মোকলাই নিছে ঠিকাদাৰে৷আনকি চাইড বামৰ নামত অহা ধন গো-গ্ৰাসে গিলি অকনমানো নকৰিলে চাইড বামৰ কাম৷ফলত ৰাষ্টাৰ দুয়োকাষ গৈছে জহিখহি৷

নিতৌ দহ-ষোল্ল চকীয়া ট্ৰাকৰ লগতে অইন গাড়ী-মটৰ আৰু দিনটোত হাজাৰ হাজাৰ মানুহৰ আহযাহ কৰা পথচোৱা এতিয়া একপ্ৰকাৰ পৰিণত হৈছে মৰণফান্দত৷কিন্তু ৰাইজৰ দুখ- দুদৰ্শাৰ প্ৰতি কোনোধৰণৰ ভ্ৰূক্ষেপ নকৰি কেৱল মাত্ৰ নিজৰ পকেট গমৰ কৰাৰ স্বাৰ্থত ততাতৈয়াকৈ বিসংগতিভাৱে পথ নিৰ্মাণ কৰিয়ে দায়িত্ব সামৰিলে লম্পট ঠিকাদাৰ জ্যোতিপ্ৰসাদ বৈশ্যই৷নিজকে ইঞ্জিনীয়াৰিং পাচ কৰি অহা এজন উচ্চ শিক্ষিত ঠিকাদাৰ বুলি দাবী কৰি স্থানীয় বিধায়কৰ আশীৰ্বাদতে কৰিলে পথচোৱাৰ এনে দুৰৱস্থা৷যাক লৈ ক্ষোভিত আৰু শংকিত পথচাৰী৷স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা মহিলা পথচাৰীলৈকে সকলোৱে মৰণত শৰণ দিয়ে জৰাজীৰ্ণ তথা ঠেক পথচোৱাৰে এতিয়া যাতায়ত কৰিবলগীয়া হৈছে৷

V.O=2 পিছে এই দৃশ্য দেখাৰ পিছত গড়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এনেবোৰ লম্পট ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়াহে হব লক্ষণীয়?


বাইট স্থানীয় ৰাইজ।


কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.