নলবাৰী, ২০ অক্টোবৰ: চৰকাৰ সলনি হয় যদিও সলনি নহয় ৰাজ্যৰ একাংশ আমোলা-বিষয়া তথা কৰ্মচাৰী । সমান্তৰালকৈ অপৰিৱৰ্তিত হৈ থাকে পথৰ দুৰৱস্থা । কেৱল যেন শ্ল'গানতে আবদ্ধ হৈ থাকে ৰাজ্যৰ উন্নয়ন ব্যৱস্থা ৷ পৰিবৰ্তনকামী চৰকাৰে যিমানে উন্নয়নৰ ঢাক-ঢোল নবজাওক কিয় বাস্তৱত তাৰ বিপৰীত ছবিহে পৰিলক্ষিত হৈছে ৷ তেনে এক দৃশ্যই উন্মোচিত হৈছে নলবাৰীত (Poor road condition in Nalbari)৷
উল্লেখ্য যে নলবাৰীৰ কৈঠালকুছি সংযোগী কেইবাটাও জৰাজীৰ্ণ পথে দীৰ্ঘদিনৰে পৰা বাৰুকৈয়ে জ্বলা-কলা খুৱাই আহিছে বৃহত্তৰ পশ্চিম নলবাৰীৰ অঞ্চলৰ জনতাক । অঞ্চলটোৰ ৰাইজে পথছোৱাৰ মেৰামতি তথা উন্নয়ণ দাবী কৰি বিভিন্ন সময়ত চৰকাৰৰ ওচৰত আবেদন-নিবেদন কৰি আহিছে যদিও দুৰ্ভাগ্যজনকভাৱে ৰাজ্য চৰকাৰৰ গড়কাপ্তানি বিভাগৰ আমোলা বিষয়াসকলে ৰাইজৰ দাবীৰ প্ৰতি সহাৰি জনোৱা পৰিলক্ষিত হোৱা নাই ৷ জিলাখনৰ কৈঠালকুছিৰ পৰা চামতা নলবাৰীলৈ যোৱা জৰাজীৰ্ণ পথচোৱা নিৰ্মাণৰ বাবে আজি প্ৰতিবাদমুখৰ হৈ পৰে সমগ্ৰ কৈঠালকুছি বৃহত্তৰ অঞ্চল ।
লগতে পঢ়ক: পথ নিৰ্মাণৰ দাবীত দুৰ্গা প্ৰতিমা লৈ প্ৰতিবাদ
আজি উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কৈঠালকুছি বজাৰ পৰিচালনা সমিতি, কৈঠালকুছি চামতা টেম্পো মালিক সন্থা, ই-ৰিস্কা ইউনিয়নৰ লগতে বিভিন্ন প্ৰান্তৰ ৰাইজৰ সহযোগত নলবাৰী-কৈঠালকুছি, চামতা -নলবাৰী, টিহু-কৈঠালকুছি সংযোগী জৰাজীৰ্ণ গড়কাপ্তানি পথচোৱা পুনৰ নিৰ্মাণ কৰাৰ দাবীত পথ অবৰোধ কাৰ্যসুচী গ্ৰহন কৰা হয় । এই পথ অবৰোধ কাৰ্যসূচীত বিভিন্ন দল-সংগঠন প্ৰতিবাদমুখৰ হৈ পৰা দেখা যায় (Protests demanding road construction in Nalbari)।
নৰবাৰী জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি গুনজ্যোতি পাঠকে কয়, " নিৰ্বাচনৰ আগত এইখন চৰকাৰে শ্লোগান দিছিল ধৰ্মপুৰ সমষ্টি বা সমগ্ৰ অসমৰ ৰাস্তা-ঘাটসমূহ নিৰ্মাণ কৰা হ’ব ৷ কিন্তু লজ্জাজনক কথা এয়ে যে নলবাৰী জিলাত দুগৰাকী শক্তিশালী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্ল বৰুৱা (Cabinet Minister Jayanta Malla baruah) থকাৰ পাছতো জিলাখনৰ ৰাস্তা-ঘাটৰ যি জৰাজীৰ্ণ অৱস্থা সেয়া অতিকৈ দুৰ্ভাগ্যজনক ৷"
লগতে পঢ়ক: পয়ালগা অৱস্থাত এটি গুৰুত্বপূৰ্ণ সংযোগী পথ: নিৰ্বিকাৰ ভূমিকাত জনপ্ৰতিনিধি