ETV Bharat / state

Accident Zone in Nalbari: হাজো-নলবাৰী পথ অৱৰোধ কৰি ৰাইজৰ তীব্ৰ প্ৰতিবাদ - Hajo Nalbari road

পথ বহলীকৰণৰ দাবীৰে নলবাৰীত তীব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ ৷ সঘনাই দুৰ্ঘটনা সংঘটিত হৈ অহা এটা এলেকাত সাংকেতিক চিহ্ন প্ৰদানৰো দাবী জনালে প্ৰতিবাদী ৰাইজে (Protest by public in Nalabari)৷

Accident Zone in Nalbari
Accident Zone in Nalbari
author img

By

Published : Dec 16, 2022, 4:21 PM IST

হাজো-নলবাৰী পথ অৱৰোধ কৰি ৰাইজৰ তীব্ৰ প্ৰতিবাদ

নলবাৰী, 16 ডিচেম্বৰ : হাজো-নলবাৰী পথ বহলীকৰণৰ দাবীৰে স্থানীয় ৰাইজে গ্ৰহণ কৰিলে পথ অৱৰোধৰ কাৰ্যসূচী (Protest by public in Nalabari)। হাজো-নলবাৰী পথৰ বৰকুৰিহাত সঘনাই সংঘটিত হোৱা দুৰ্ঘটনাৰ স্থানত সাংকেতিক চিহ্নৰ দাবীত স্থানীয় ৰাইজে পথ অৱৰোধ কৰি সাব্যষ্ট কৰে উত্তাল প্ৰতিবাদ ।

স্থানীয় প্ৰশাসন হায় হায়, লোকনিৰ্মাণ বিভাগ হায় হায় শ্ল’গান দিয়াৰ উপৰিও হাজো নলবাৰী পথত সাংকেতিক চিহ্ন প্ৰদান কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যষ্ট কৰে স্থানীয় ৰাইজে । উল্লেখযোগ্য যে নলবাৰীৰ বৰকুৰিহাৰ মাজেৰে যোৱা নামনি অসমৰ অত্যন্ত ব্যস্ত পথ হাজো-নলবাৰী পথত(Hajo Nalbari road) আছে এক বৃহৎ ইউ টাৰ্নসদৃশ কেঁকুৰি ।

যিটো কেঁকুৰিৰ এটা ফাল লোকনিৰ্মাণ বিভগে উন্মুক্ত কৰি ৰাখিছে ৷ ফলত কেঁকুৰিটোত সঘনাই হৈ আহা সৰু-বৰ দুৰ্ঘটনাত বহুতো লোকৰ প্ৰাণহানি হৈ আহিছে ৷ তিনিদিন পূৰ্বেও বৰপেটাৰ চেঙাৰ এজন যুৱক উক্ত স্থানত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল । যাৰ বাবে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন জনাই অহাৰ পিছতো প্ৰশাসন কিম্বা বিভাগীয় কৰ্তৃপক্ষই আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷

যাৰ পৰিপেক্ষিতত স্থানীয় ৰাইজে শুকুৰবাৰে একত্ৰিত হৈ হাজো-নলবাৰী পথৰ বৰকুৰিহাৰ কেঁকুৰিটোৰ ওচৰত পথ অৱৰোধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । উল্লেখযোগ্য যে পথটোৰ ওপৰত থকা কেঁকুৰিটোৰ নিচেই ওচৰতেই বিদ্যুৎ বিভাগৰ দুটাকৈ খুঁটাৰে পাতি থোৱা আছে মৰণফান্দ (Accident prone area in Nalbari)৷ পথৰ দাঁতিৰ পৰা খুঁটা দুটা আঁতৰাই নি পথটো যাতায়তৰ বাবে সুচল কৰি তুলাৰো দাবী জনায় প্ৰতিবাদকাৰী স্থানীয় পুৰুষ-মহিলাই ।

উল্লেখ্য যে, শুকুৰবাৰৰ পথ অৱৰোধৰ ফলত বহু সময় ধৰি তীব্ৰ যান-জঁটৰ সৃষ্টি হয় পথচোৱাত ৷ গুৱাহাটীৰ পৰা নলবাৰীলৈ নামনি অসমৰ একমাত্ৰ কম সময়তে পাব পৰা মূল পথচোৱা অৱৰোধৰ ফলত বহু দূৰনিবটীয়া ৰাইজৰ মাজত সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতিৰ ।

প্ৰতিবাদৰ আধা ঘন্টাৰ পিছতেই কমাৰকুছি আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীক মনাব নোৱাৰি পৰৱৰ্তী সময়ত প্ৰতিবাদস্থলীত বৰভাগ ৰাজহ চক্ৰ বিষয়া জীতেন্দ্ৰ টাইড(Barbhag Circle Officer) উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে প্ৰতিবাদ ৷ লগতে স্থানীয় ৰাইজে ৰাজহ চক্ৰ বিষয়াগৰাকীক প্ৰদান কৰে স্মাৰকপত্ৰ ৷

লগতে পঢ়ক: Assam Police strict regulation: ষ্টান্ট কৰা বাইক চালকৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.