ETV Bharat / state

Nani Gopal Mahanta: নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত অসম চৰকাৰৰ শিক্ষা উপদেষ্টা

author img

By

Published : Jun 8, 2023, 9:24 PM IST

সমস্যাজৰ্জৰ নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ননী গোপাল মহন্ত ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিশ্ববিদ্যালয়খনত উপস্থিত হয় শিক্ষা উপদেষ্টাগৰাকী ৷

Nani Gopal Mahanta
Nani Gopal Mahanta
নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত অসম চৰকাৰৰ শিক্ষা উপদেষ্টা

নলবাৰী, 8 জুন: নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰে উপস্থিত হ’ল ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্ত ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৃহস্পতিবাৰে হঠাৎ উপস্থিত হয় শিক্ষা উপদেষ্টাগৰাকী (Kumar Bhaskar Varma Sanskrit and Ancient Studies) ৷

উল্লেখ্য যে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দুৰ্ব্যৱহাৰ আৰু শিক্ষক তথা ছাত্ৰ-ছাত্ৰীৰ ভিন্ন সমস্যা সমাধানৰ দাবীত বিশ্ববিদ্যালয়খনত প্ৰতিবাদ সাব্যস্ত কৰিছিল শিক্ষক সন্থাৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে ৷ ইয়াৰ পাচতেই বিভিন্ন সমস্যাৰে জুৰুলা বিশ্ববিদ্যালয়খনত উপস্থিত হ’ল ননী গোপাল মহন্ত (Assam govt academic advisor) ৷

উল্লেখ্য যে উপাচাৰ্য প্ৰহ্লাদ যোশীয়ে পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ শিক্ষকক অপদস্থ কৰাৰ প্ৰতিবাদ আৰু পানীৰ সমস্যাকে ধৰি অন্যান্য সমস্যা সমাধান আৰু দৰমহাৰ বৈষম্য দূৰ কৰাৰ দাবীত প্ৰতিবাদ মুখৰ হৈ আছিল বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল ৷ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰহ্লাদ যোশীয়ে শিক্ষকৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইক চলোৱা ধমকি দিয়াৰো অভিযোগ উত্থাপন কৰিছিল প্ৰতিবাদকাৰী শিক্ষকে ।

লগতে পঢ়ক: PMAY scheme: প্রধানমন্ত্রী আবাস যোজনাৰ ক্ষেত্রত বহু পিছ পৰি আছে অসম

বিশ্ববিদ্যালয়ৰ সমস্যাৰ কথা ক’লেই খৰ্গহস্ত হৈ পৰাৰো গুৰুতৰ অভিযোগ শিক্ষক সমাজে উত্থাপিত কৰিছিল উপাচাৰ্য প্ৰহ্লাদ যোশীৰ বিৰুদ্ধে ৷ দীৰ্ঘদিনৰে পৰা বিশ্ববিদ্যালয়খনত খোৱা পানীৰ অভাৱৰ লগতে প্ৰস্ৰাৱগাৰ-শৌচাগাৰত পানীৰ সমস্যাই দেখা দি আহিছিল যদিও তাক আঙুলিয়াই দিয়াত প্ৰহ্লাদ যোশীৰ পৰা কোনো সমাধান পোৱা নাছিল বিশ্ববিদ্যালয়খনৰ শিক্ষক তথা ছাত্ৰ সমাজে ৷ পানীৰ অভাৱত ভয়ানক সমস্যাত পৰি শিক্ষক-ছাত্ৰসমাজে উপায়ন্তৰ হৈ এমাহ জোৰা কলা বেজ পৰিধান কৰি বিশ্ববিদ্যালয় চৌহদতেই প্ৰতিবাদত বহিছিল ।

একেদৰে শিক্ষকৰ দৰমহাৰ বিসংগতি দূৰ কৰাৰো দাবী উত্থাপন কৰি আহিছিল প্ৰতিবাদকাৰী শিক্ষকে ৷ ইয়াৰ মাজতেই বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ শৈক্ষা উপদেষ্টা ননীগোপাল মহন্তই বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয়ৰ সমস্যাৰ বুজ লোৱাৰ লগতে দুয়ো পক্ষক সমিলমিলেৰে কাম-কাজ চলাই যাবলৈ আহ্বান জনায় ৷ ইফালে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে উপাচাৰ্যগৰাকীৰ বদলিৰ দাবী জনাইছে ৷

লগতে পঢ়ক: Electricity tariff hike: বিদ্যুৎ মাচুলৰ প্ৰসংগত এ পি ডি ছি এলৰ সৈতে তৰ্কযুদ্ধ গৰিমা শইকীয়া গাৰ্গৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.