ETV Bharat / state

AASU Protest in Chamata:বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে নলবাৰীত গৰজি উঠিল আছু

author img

By

Published : Aug 11, 2023, 5:59 PM IST

বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে আছুৰ প্ৰতিক্ৰিয়া । শিক্ষা মন্ত্ৰী হায় হায় ধ্বনিৰে উত্তাল পশ্চিম নলবাৰীৰ চামতা । চৰকাৰৰ এনে নীতিৰ বিৰুদ্ধে পাঠদান এৰি ৰাজপথলৈ ওলাই আহিব লগীয়া হৈছে ছাত্র-ছাত্ৰী ।

Protest in Nalbari
চামতা ছোৱালী হাইস্কুল একত্ৰীকৰণ
চামতা ছোৱালী হাইস্কুল একত্ৰীকৰণ

নলবাৰী ,১১আগষ্ট: অসম চৰকাৰৰ শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে নলবাৰীৰ দল-সংগঠনকে ধৰি সচেতন মহল । অসম চৰকাৰৰ বিদ্যালয় একত্ৰীকৰণ তথা বিলুপ্তিকৰণৰ বিৰুদ্ধে গৰজি উঠিছে নলবাৰী জিলা ছাত্র সন্থা । চৰকাৰে দেউলীয়া হৈ বিদ্যালয় চলাব নোৱাৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা নলবাৰী আছুৰ । শিক্ষাৰ নৱদ্বীপখ্যাত নলবাৰী জিলাখনৰ ৮০ খন বিদ্যালয়ৰ পৰা ৪৩ খন বিদ্যালয় একত্ৰীকৰণ কৰি ৩৭ খনলৈ ৰূপান্তৰিত কৰিব ওলাইছে ৰাজ্য চৰকাৰে ।

এক বিশেষ জাননী যোগে নলবাৰী জিলাত শিক্ষা বিভাগে লোৱা এনে হঠকাৰী সিদ্ধান্ত উঠাই লিবলৈ সকীয়নি নলবাৰী জিলা ছাত্র সন্থাৰ । জিলাখনত শিক্ষানুষ্ঠান বিলুপ্ত কৰাৰ ষড়যন্ত্ৰ কোনোপধ্যে মানি নলয় বুলি সকীয়াই দিছে নলবাৰীৰ সচেতন তথা দল-সংগঠনে । ৰাজ্য চৰকাৰে ধাৰত পোট গৈ বিদ্যালয় চলাব নোৱাৰা হোৱা বুলি অভিযোগ তুলেছে জিলা ছাত্র সন্থাই ।

উল্লেখ্য যে ছাত্র-ছাত্ৰী কমকৈ থকা বিদ্যালয় সমূহ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ওচৰৰ শিক্ষানুষ্ঠানৰ লগত যি একত্ৰীকৰণ কৰিব বিচাৰিছে শিক্ষা বিভাগক বিদ্যালয়ত ছাত্র-ছাত্ৰীৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল'বলৈ আহ্বান জনাইছে জিলা ছাত্র সন্থাই । ইপিনে,বিদ্যালয় একত্ৰীকৰণ জাননী ওলোৱাত বৃহস্পতিবাৰে প্ৰতিবাদ জনালে ছাত্র-ছাত্ৰী সকল । চৰকাৰৰ তেনে নীতিৰ বাবে পাঠদান এৰি ৰাজপথলৈ ওলাই আহিব লগীয়া হৈছে এইসকল ছাত্র-ছাত্ৰীয়ে ।

নলবাৰী জিলাত তেনে ইতিহাস গৰকা কিম্বা কোনো শ্বহীদৰ নামত থকা বিদ্যালয়ৰ বিলুপ্তিকৰণ কেতিয়াও মানি নলয় নলবাৰীৰ সচেতন মহলে । বৃহস্পতিবাৰে জিলাখনৰ পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত চামতা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে সাব্যস্ত কৰে প্ৰতিবাদ। চামতা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে হাতে হাতে প্লেকাৰ্ড লৈ বিদ্যালয় একত্ৰীকৰণ নচলিব,শিক্ষা মন্ত্ৰী হায় হায়,অসম চৰকাৰ হায় হায়,চামতা ছোৱালী হাইস্কুল একত্ৰীকৰণ মানি লোৱা নহ'ব আদি বিভিন্ন শ্লোগানেৰে শিক্ষাৰ্থী সকলে চামতাৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে চামতা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় সংলগ্নৰ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধে এনেদৰে ৰাজপথলৈ ওলাই আহিব লগীয়া হৈছে ছাত্র ছাত্ৰী সকল । পশ্চিম নলবাৰী অঞ্চলৰ প্ৰথমখন স্ত্ৰী শিক্ষাৰ শিক্ষানুষ্ঠান চামতা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ একত্ৰীকৰণ কোনোপধ্যে মানি নোলোৱাৰ হুংকাৰ দিয়ে শিক্ষাৰ্থী সকলে ৷ বৃহস্পতিবাৰে বিদ্যালয়খনৰ শিক্ষাৰ্থী,পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে বিদ্যালয়খনৰ পৰা প্ৰতিবাদী সমদল উলিয়াই চামতাৰ মূল পথেৰে পৰিভ্ৰমণ কৰি পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় । প্ৰতিবাদৰ অন্তত পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে নলবাৰী জিলা আয়ুক্তলৈ চামতা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মৰ্যদা পূৰ্বৰ দৰে বাহাল ৰখাৰ দাবী জনাই এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক:ACMS protest: প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীক লগত লৈ মজুৰি বৃদ্ধিৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.