ETV Bharat / state

Devdamodar sangha conference: নলবাৰীত দেৱ দামোদৰ সংঘৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি - নলবাৰী সংস্কৃত কলেজ

অহা 11 ফেব্ৰুৱাৰীৰ পৰা নলবাৰীত দুদিনীয়াকৈ আয়োজন কৰা হৈছে দেৱ দামোদৰ সংঘৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশন (Devdamodar sangha conference) ৷ নলবাৰীৰ কালদিস্থিত দেৱদামোদৰ সংঘত অনুষ্ঠিত হ’ব এই অধিবেশনখন ৷ অধিবেশনৰ দ্বিতীয় দিনা উপস্থিত থাকিব মুখ্যমন্ত্ৰীও ৷

Devdamodar sangha conference
দেৱ দামোদৰ সংঘৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি
author img

By

Published : Feb 9, 2023, 6:41 PM IST

Updated : Feb 11, 2023, 6:45 PM IST

দেৱ দামোদৰ সংঘৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি

নলবাৰী, ৯ ফেব্ৰুৱাৰী: নলবাৰীৰ কালদিস্থিত দেৱ দামোদৰ সংঘত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সদৌ অসম দেৱ দামোদৰ সংঘৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশন । অহা ১১ আৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ষষ্ঠদশ দ্বিবাৰ্ষিক অধিৱেশনখন । এই অধিৱেশনখন অনুষ্ঠিত কৰিবলৈ পূৰ্ণ উৎসাহ, উদ্দীপনাৰে প্ৰস্তুতি চলাইছে আয়োজকসকলে । প্ৰথম দিনা পতাকা উত্তোলন, গুৰুচৰিত আৰু ভাগৱত শোভাযাত্ৰা, নাম-প্ৰসংগৰে আৰম্ভ হ’ব সদৌ অসম দেৱ দামোদৰ সংঘ অধিৱেশনৰ কাৰ্যসূচী । তাৰ পিচেতে সদৌ অসম দেৱদামোদৰ সংঘ অধিৱেশনৰ পতাকা উত্তোলন কৰিব সংঘৰ ৰাজ্যিক সভাপতি হৰেন্দ্ৰ কুমাৰ নাথে (Conference of All Assam Devdamodar Sangha) ।

সংঘৰ পতাকা উত্তোলনৰ পিচত গুৰুচৰিত আৰু ভাগৱত লৈ এক বিশাল শোভাযাত্ৰা উলিওৱা হ’ব । গুৰুচৰিত বহনকাৰী হিচাপে থাকিব চনেক তালুকদাৰ, ভূপেন বৰ্মন । আনহাতে ভাগৱত বহনকাৰী হিচাপে থাকিব ধৰণী বৰ্মন । উক্ত কাৰ্যসূচীৰ অন্তত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰিব বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামী, নলবাৰী জিলা দেৱদামোদৰ সংঘৰ সভাপতি জিতেন ডেকাৰ লগতে দেৱ দামোদৰ সংঘৰ শাখাৰ বিসয়ববীয়াসকলে (Devdamodar sangha in Nalbari) ।

ঠিক একেদৰে পুৱাৰ ভাগতে এক বিপনী উন্মোচনৰো কাৰ্যসূচী আয়োজন কৰা হ’ব অধিৱেশনস্থলীত । বিপনী উন্মোচক হিচাপে উপস্থিত থাকিব নলবাৰী জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ । একেদৰে বিয়লিৰ ভাগত সনাতন সংস্কৃতি আৰু উত্তৰ-পূৱ ভাৰতত বিষ্ণু ভক্তি পৰম্পৰাক বিষয় হিচাপে লৈ অনুষ্ঠিত হ’ব এখন বিশাল ধৰ্মালোচনী সভা । সভাত সঞ্চালক হিচাপে উপস্থিত থাকিব নলবাৰী সংস্কৃত কলেজৰ অধ্যক্ষ দিব্যজ্যোতি বৰপূজাৰী (Nalbari Devdamodar sangha) ।

উক্ত সভাত আলোচক হিচাপে উপস্থিত থাকিব অসম মাধ্যমিক শিক্ষা পৰিষদৰ যুটীয়া সচিব ড৹ ধৰণীধৰ গোস্বামী, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যায়ন বিভাগৰ অধ্যাপক ড৹ মুকুল চক্ৰৱৰ্তী । অধিৱশনৰ সন্ধিয়াৰ ভাগত গুৰু বন্দনা, গুৰুচৰিত পাঠ, পাটবাউসী সত্ৰৰ ভকতবৃন্দৰ দ্বাৰা দামোদৰীয়া নাম প্ৰদৰ্শনৰ লগতে নাট্য অনুষ্ঠানৰো আয়োজন কৰা হ’ব ।

আনহাতে, দ্বিতীয় দিনা পৰিৱেশ শুদ্ধিকৰণেৰে প্ৰাতঃপ্ৰসংগ আৰু ভাগৱত পাঠ কাৰ্যসূচী অনুষ্ঠিত হ’ব । তাৰ পিচতে বিষয় বাচনি সভা, আয়তী সকলৰ দেৱদামোদৰীয়া নাম প্ৰসংগ কাৰ্যসূচী অনুষ্ঠিত হ’ব । দুপৰীয়াৰ ভাগত মুকলি অধিৱেশন আৰু স্মৃতিগ্ৰন্থ উন্মোচন কাৰ্যসূচী অনুষ্ঠিত হ’ব । মুকলি সভাত আদৰণি ভাষণ ৰাখিব আদৰণি সমিতিৰ সভাপতি তথা GMDA ৰ অধ্যক্ষ নাৰায়ণ ডেকাই ।

আনহাতে, অধিৱেশনৰ স্মৃতি গ্ৰন্থ উন্মোচক আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । উক্ত কাৰ্যসূচীৰ অন্তত নিশালৈ সাংস্কৃতিক সন্ধিয়া আৰু বিভিন্ন বৰ্ণাঢ্য ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰে অধিৱেশনখনৰ সামৰণি পৰিব । অধিৱেশনত প্ৰায় ৫০ হাজাৰতকৈও অধিক ভক্তক আদৰিবলৈ প্ৰস্তুত হৈছে সদৌ অসম দেৱদামোদৰ সংঘ অধিৱেশনৰ আদৰণি সমিতি । এদিনত প্ৰায় ১৫০০০ ভক্তৰ বাবে আহাৰৰ ব্যৱস্থা কৰাৰ লগতে ৫০০ ভক্তৰ বাবে থকাৰ সু-ব্যৱস্থা কৰিছে আয়োজক সকলে ।

লগতে পঢ়ক: Bhaona Competition at Namoti: নামতিৰ খৰাগড়ত আৰম্ভ সদৌ অসম ভাওনা প্ৰতিযোগিতা

Last Updated : Feb 11, 2023, 6:45 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.