ETV Bharat / state

অসম আৰক্ষীত সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে নলবাৰীত যুৱক-যুৱতীৰ প্ৰস্তুতি - শাৰীৰিক চৰ্চাৰ প্ৰশিক্ষণ

অসম আৰক্ষীত যোগদান কৰি জনহিতাৰ্থে সেৱা আগবঢ়োৱা লক্ষ্যৰে কঠোৰ অনুশীলন তথা প্ৰস্তুতিত নামি পৰিছে নলবাৰী জিলাৰ একাংশ শিক্ষিত যুৱক-যুৱতী ৷ পুৱা-গধূলি জিলাখনৰ দাহুদি খেলপথাৰত শাৰীৰিক চৰ্চা অব্যাহত ৰাখিছে এইসকল যুৱক-যুৱতীয়ে ৷

preparation-of-youth-in-nalbari-with-the-aim-of-service-in-assam-police
অসম আৰক্ষীত সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে নলবাৰীত যুৱক-যুৱতীৰ প্ৰস্তুতি
author img

By

Published : Aug 20, 2021, 8:45 PM IST

নলবাৰী,20 আগষ্ট: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনে চলিত বছৰত এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে অসমৰ শিক্ষিত নিবনুৱা সকল ৷ উক্ত 1 লাখ চাকৰিৰ মাজৰে এটা নিজৰ কৰিবলৈ এতিয়া ব্যাপক প্ৰস্তুতি চলাইছে যুৱক-যুৱতী সকলে ৷ সমান্তৰালকৈ নলবাৰীৰ দাহুদি খেল পথাৰত অসম আৰক্ষীত নিযুক্তি লাভ কৰাৰ লক্ষ্যৰে হ’ব লগা সাক্ষাৎকাৰৰ বাবে শাৰীৰিক চৰ্চা চলাইছে একাংশ নিবনুৱা যুৱক-যুৱতীয়ে ৷

উল্লেখ্য যে, চলিত বছৰত অসম আৰক্ষীত হ'ব লগা নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণৰ উদ্দেশ্যেৰে দাহুদিত শাৰীৰিক অনুশীলনত নামি পৰিছে এই সকল শিক্ষিত নিবনুৱা যুৱক-যুৱতী ৷ শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিশ্বজিত ভুঞাৰ নেতৃত্বত সম্পূৰ্ণ বিনামূলীয়াকৈ যুৱক-যুৱতী সকলে পুৱা আৰু সন্ধিয়া অব্যাহত ৰাখিছে শৰীৰ চৰ্চা ৷ লগতে অসম আৰক্ষীত যোগদান কৰাৰ বাবে যি শাৰীৰিক আৰু লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব, তাৰ বাবেও সকলো প্ৰস্তুতি চলাইছে যুৱক-যুৱতী সকলে ৷

অসম আৰক্ষীত সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে নলবাৰীত যুৱক-যুৱতীৰ প্ৰস্তুতি

বিগত প্ৰায় এমাহৰো অধিক সময় 60 জনৰো অধিক যুৱক-যুৱতীক শাৰীৰিক চৰ্চাৰ প্ৰশিক্ষণ দিবলৈ পায় অত্যন্ত সুখী বুলি জনালে শিক্ষক বিশ্বজিত ভুঞাই ৷

জানিব পৰা মতে, প্ৰতিবছৰে এনেদৰে শিক্ষক বিশ্বজিত ভুঞাই যুৱক-যুৱতী সকলৰ ভবিষ্যতে সহায় হোৱাকৈ বিনামূলীয়াকৈ প্ৰদান কৰি গৈছে শাৰীৰিক চৰ্চা ৷ পুৱা গধূলি দৈনিক দৌৰা, লং জাম্প কৰা আদি শাৰীৰিক চৰ্চা অব্যাহত ৰখা হৈছে নলবাৰী জিলাৰ দাহুদি এই খেলপথাৰত ৷

লগতে পঢ়কঃ দশম শ্ৰেণীলৈ বাধ্যতামূলক হ'ল ভূগোল আৰু বুৰঞ্জী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.