ETV Bharat / state

Rape case in Nalbari : ছাত্ৰীক শ্লীলতা হানিৰ চেষ্টা লম্পট ছাৰৰ !

শিক্ষক সমাজক লজ্জিত কৰা এক ঘটনা সংঘটিত হৈছে প্ৰজ্ঞাৰ নগৰী নলবাৰী জিলাৰ মুকালমুৱাৰ বৈঠাভাঙাত । এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক শ্লীলতা হানিৰ চেষ্টা এগৰাকী শিক্ষকৰ (Teacher Molestation student in Nalbari) ৷ অভিযুক্ত শিক্ষকগৰাকীৰ নাম হৰেশ্বৰ ডেকা । বৰ্তমান আৰক্ষীৰ জালত অভিযুক্ত ডেকা (Police arrested teacher on charges of sexually assaulting Student )৷

Rape case in Nalbari
ছাত্ৰীক শ্লীলতা হানিৰ চেষ্টা
author img

By

Published : Nov 15, 2022, 6:40 PM IST

নলবাৰী, 15 নৱেম্বৰ : প্ৰজ্ঞাৰ নগৰীত উন্মোচিত হৈছে এক কলংকিত অধ্যায় ৷ প্ৰজ্ঞাৰ নগৰী হিচাবে খ্যাত নলবাৰীক অপবিত্ৰ কৰিবলৈ আবিৰ্ভাৱ হ’ল এজন ছাৰৰ (Teacher Molestation student in Nalbari) ৷ বিদ্যালয়তে ছাৰে এগৰাকী ছাত্ৰীক শ্লীলতা হানিৰ চেষ্টা কৰে (Molestation in Nalbari) ৷

অ’ ৰ’ৱ ৷ এই অভিযোগ পিছে আমাৰ নহয় ৷ ছাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী এগৰাকী ছাত্ৰীয়ে ৷ ছাত্ৰীগৰাকীৰ এই অভিযোগৰ ভিত্তিতেই বৰ্তমান আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ছাৰক (Police arrested teacher on charges of sexually assaulting Student) ৷

ঘটনাৰ স্থান নলবাৰী জিলাৰ মুকালমুৱাৰ বৈঠাভাঙা ৷ দিন সোমবাৰ, সময় মতে সকলো আহিল বৈঠাভাঙা প্ৰাথমিক বিদ্যালয়লৈ ৷ তেতিয়ালৈকে সকলো ঠিকেই চলি আছিল ৷ কিন্তু বিদ্যালয় চুটিৰ পাচত বিদ্যালয়তে এগৰাকী 11 বছৰীয়া ছাত্ৰীক বিদ্যালয়খনৰে শিক্ষক হৰেশ্বৰ ডেকাই (54) শ্লীলতা হানিৰ চেষ্টা কৰে (Rape case in Nalbari) ৷

ছাত্ৰীক শ্লীলতা হানিৰ চেষ্টা

লগতে পঢ়ক : Rape case in Karnataka: 70 বছৰীয়া বৃদ্ধাক ধৰ্ষণ 28 বছৰীয়া যুৱকৰ

তাৰ পাচত ভুক্তভোগী ছাত্ৰীগৰাকীক এই সন্দৰ্ভত ঘৰত একো নক’বলৈ দাবী-ধমকি প্ৰদান কৰে অভিযুক্ত শিক্ষকগৰাকীয়ে ৷ কিন্তু ছাৰৰ কথা নামানি ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ঘৰত সকলো কথা বিৱৰি কয় ৷ তাৰ পাচতে ভুক্তভোগী ছাত্ৰীগৰাকীক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় ৷

চিকিৎসকে উল্লেখ কৰা অনুসৰি, বৰ্তমান সংকটমুক্ত ভুক্তভোগী ছাত্ৰীগৰাকী ৷ ইফালে ঘটনা সন্দৰ্ভত উচিত তদন্ত বিচাৰি ভুক্তভোগী ছাত্ৰীগৰাকীৰ আত্মীয়ই কাষ চাপে আৰক্ষীৰ ৷ ভুক্তভোগী ছাত্ৰীগৰাকীৰ আত্মীয়ই মুকালমুৱা আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিতেই ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত শিক্ষক হৰেশ্বৰ ডেকাক ৷

জানিব পৰা মতে, মুকালমুৱা আৰক্ষীয়ে অভিযুক্ত শিক্ষক হৰেশ্বৰ ডেকাক সোধ পোছৰ অন্তত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । উল্লেখ্য যে, এগৰাকী শিক্ষকৰ এনে লজ্জাজনক কাণ্ডই এতিয়া অঞ্চলটোৰ শৈক্ষিক মহলক লজ্জিত কৰি তুলিছে । অভিযুক্ত শিক্ষকগৰাকীৰ বিৰুদ্ধে উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৰ লগতে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক : Child sex abuse: নুনমাটিত শিশুক যৌন নিৰ্যাতন, আৰক্ষীৰ জালত লম্পট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.