ETV Bharat / state

বুঢ়াদিয়া নৈক লৈ শংকাত নলবাৰীৰ পুখুৰাবাসী, যিকোনো মূৰ্হুততে ভাঙিব পাৰে মথাউৰি

author img

By

Published : May 30, 2020, 1:06 PM IST

নলবাৰীৰ পুখুৰা গাঁৱবাসীয়ে এতিয়া দিন-ৰাতি একাকাৰ কৰি বাঁহ, গছ দি মথাউৰিটো ধৰি ৰখাৰ আপ্ৰাণ চেষ্টা চলাইছে ৷ কিন্তু কাণসাৰ নাই জলসম্পদ বিভাগৰ ৷ আনকি ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰো নাই কোনো খবৰ ৷

people living near Burhadiya river in tension due to growing water
বুঢ়াদিয়া নৈৰ মথাউৰিক লৈ শংকাত নলবাৰীৰ পুখুৰাবাসী

নলবাৰী, 30মে': কৰ'ণাৰ আতংকৰ মাজতে নলবাৰীৰ বুঢ়াদিয়া নৈৰ মথাউৰিয়ে এতিয়া চিন্তাত পেলাইছে নৈপৰীয়া ৰাইজক । আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷

নলবাৰীৰ পুখুৰা গাঁৱবাসীয়ে এতিয়া দিন-ৰাতি একাকাৰ কৰি বাঁহ, গছ দি মথাউৰিটো ৰক্ষা কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে ৷ কিন্তু কাণসাৰ নাই জলসম্পদ বিভাগৰ ৷ আনকি ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰো নাই কোনো খবৰ ৷ তাকে লৈ ক্ষোভ প্ৰকাশ কৰিছে এতিয়া স্থানীয় ৰাইজে ৷

যিকোনো মূৰ্হুততে ভাঙিব পাৰে মথাউৰি

কৃষিপ্ৰধান অঞ্চলটোত মথাউৰিটোৱেই হৈছে একমাত্ৰ ভৰসা । আনহাতে প্ৰতিবছৰেই মথাউৰি ভঙাৰ ফলত যথেষ্ট সমস্যাত পৰাৰ লগতে 30খনকৈ গাঁও প্লাৱিত হোৱাৰ কথাও জানিবলৈ দিয়ে গাঁওবাসীয়ে ৷ কিন্তু এই মথাউৰিৰ স্থায়ী সমস্যাৰ সমাধানৰ বাবে বছৰ বছৰ ধৰি সময়ে নোলাল জলসম্পদ বিভাগৰ ৷ ইয়াকে লৈ সৰৱ অঞ্চলটোৰ ৰাইজে চৰকাৰক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে ৷ উল্লেখযোগ্য যে, বুঢ়াদিয়া নৈৰ মথাউৰি ভাঙি প্ৰতিবছৰে পশ্চিম নলবাৰীকে ধৰি বৰপেটা জিলাৰ সৰ্থেবাৰী অঞ্চলক প্লাৱিত কৰি আহিছে ৷

লগতে পঢ়কঃৰেন'ল্টে কৰ্তন কৰিব 15000 চাকৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.