ETV Bharat / state

’21 ত কোনেও প্ৰতিহত কৰিব নোৱাৰে বিজেপিক : ৰামেশ্বৰ তেলী - লুৰিণ জ্যোতি গগৈ

শনিবাৰে নলবাৰী জিলাৰ কেন্দুকুছিৰ 'বালাজী ফুড প্ৰডাক্ট'ৰ উদ্যোগ পৰিদৰ্শন কৰাৰ উদ্দেশ্যে উপস্থিত হয় মন্ত্ৰী ৰামেশ্বৰ তেলী । এই উদ্যোগ পৰিভ্ৰমণ কৰি মন্ত্ৰী তেলীয়ে কয় যে, অহা বিধান সভা নিৰ্বাচনত অসমত বিজেপিয়ে পুনৰাই চৰকাৰ গঠন কৰিব । বিজেপিক কোনো দলেই প্ৰতিহত কৰিব নোৱাৰে ।

no one can defeat BJP on '21 election
no one can defeat BJP on '21 election
author img

By

Published : Sep 6, 2020, 6:07 AM IST

নলবাৰী, 5 ছেপ্টেম্বৰ : শনিবাৰে নলবাৰী জিলাৰ কেন্দুকুছিৰ 'বালাজী ফুড প্ৰডাক্ট'ৰ উদ্যোগ পৰিদৰ্শন কৰাৰ উদ্দেশ্যে উপস্থিত হয় মন্ত্ৰী ৰামেশ্বৰ তেলী । এই উদ্যোগ পৰিভ্ৰমণ কৰি মন্ত্ৰী তেলীয়ে কয় যে, অহা বিধান সভা নিৰ্বাচনত অসমত বিজেপিয়ে পুনৰাই চৰকাৰ গঠন কৰিব । বিজেপিক কোনো দলেই প্ৰতিহত কৰিব নোৱাৰে ।

‘‘লুৰিণ জ্যোতি গগৈয়ে আঞ্চলিক দল গঠন কৰাতকৈ নিজেই যিকোনো ৰাজনৈতিক দলত যোগদান কৰক । লুৰিণৰ বাবে আমাৰ শুভেচ্ছা সদায় লগত থাকিব । তেওঁলোকৰো ৰাজনৈতিক দল গঠন কৰাৰ অধিকাৰ আছে’’ - এই মন্তব্য খাদ্য আৰু সংসাধন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ।

’21 ত কোনেও প্ৰতিহত কৰিব নোৱাৰে বিজেপিক : ৰামেশ্বৰ তেলী

ইপিনে তেওঁ লগতে উল্লেখ কৰে যে, ভাৰতৰবৰ্ষত অচিৰেই ২লাখ মাইক্ৰ’ উদ্যোগ প্ৰতিষ্ঠা কৰা হ’ব । ইয়াৰে উত্তৰ পূৰ্বাঞ্চলৰ বাবে ২০ হেজাৰ এনে উদ্যোগ গঢ়ি তোলা হ’ব আৰু অসমত ইয়াৰে ১২ হেজাৰ উদ্যোগ গঢ়ি তোলা হ’ব ।

ইপিনে অসমৰ বিজয়গৰ,কাৰ্বি আংলং,শোণিতপুৰ,তিনিচুকীয়া আৰু ডিফু-এই পাঁচখন ঠাইত ফুড পার্ক গঠন কৰা হ’ব । লগতে একোখন ফুড পার্কৰ অধীনত ২৫ টাকৈ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলা হ’ব বুলিও মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে জানিবলৈ দিয়ে । উল্লেখযোগ্য কেন্দুকুছিত থকা গিৰিশ ডেকাৰ উদ্যোগ পৰিদৰ্শনৰ উদ্দেশ্য উপস্থিত হৈছিল মন্ত্ৰী ৰামেশ্বৰ তেলী । মন্ত্ৰী গৰাকীয়ে উদ্যোগটোৰ স্বত্বাধিকাৰী গিৰিশ ডেকাৰ ঘৰত উপস্থিত হোৱাৰ পিচত গিৰিশ ডেকা সহ নলবাৰী বিধায়ক অশোক শৰ্মাই ফুলাম গামোচা আৰু জাপিৰে উষ্ম আদৰণিৰ জ্ঞাপন কৰে ।

লগতে পঢ়ক : বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক উত্থাপন নোহোৱাৰ কাৰণ কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.