নলবাৰী,8 মে’: ক’ভিডৰ দ্বিতীয় লহৰত সমগ্ৰ ৰাজ্য়ৰ লগতে নলবাৰীতো ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ সম্প্ৰতি নলবাৰীত বৰ্ষত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা 1,982 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইয়াৰে শুকুৰবাৰৰ দিনটোত 174 গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে জিলাখনত বৰ্তমানলৈ 1,435 গৰাকী ক’ভিড-19 ত আক্ৰান্ত হৈ আছে । ইফালে জিলাখনত 1,291 গৰাকী ৰোগীক হোম আইচলেচনত ৰখা হৈছে ।
জিলা স্বাস্থ্য বিভাগৰ তথ্যত প্ৰকাশ কৰা অনুসৰি, নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 72 গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হোৱাৰ বিপৰীতে 34 গৰাকী ৰোগী বেলশৰ ম’ডেল হাস্পতাল আৰু মাখিবাহা ম’ডেল হাস্পতালত 6 গৰাকী চিকিৎসাধীন হৈ আছে ৷ আনহাতে, জিলাখনৰ বিভিন্ন ক’ভিড পৰীক্ষা কেন্দ্ৰত 154 গৰাকী লোকৰ ৰেপিড পৰীক্ষা কৰাৰ লগতে 20 গৰাকী লোকৰ আৰটিপিচিআৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ৷
লগতে পঢ়ক: চিৰাঙত 150 গৰাকী লোকক প্ৰদান ক'ভিড ভেকচিন