ETV Bharat / state

এগৰাকী ৰাষ্ট্ৰীয় কাবাডী খেলুৱৈৰ দুৰ্দশা - NATIONAL PLAYER PATHETIC STORY

এগৰাকী ৰাষ্ট্ৰীয় কাবাডী খেলুৱৈৰ দুৰ্দশাগ্ৰস্ত জীৱন। পদপথত চাহ-ৰুটি বিক্ৰী কৰি চলাই গৈছে জীৱন সংগ্ৰাম ৷

ডালিমী হালৈ, প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ
author img

By

Published : Oct 24, 2019, 2:51 PM IST

নলবাৰী, 24 অক্টোবৰঃ নলবাৰী চহৰৰ শ্বহীদ মাৰ্কেটৰ সমীপতে চাহৰ দোকান দি পেট প্ৰৱৰ্তোৱা এই গৰাকী প্ৰাক্তন খেলুৱৈৰ নাম ডালিমী দাস হালৈ ৷ এসময়ত কাবাডী খেলি তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত বুটলিছিল সন্মান। ৰাজ্যক প্ৰতিনিধিত্ব কৰি কেইবাবাৰো উজ্বলি উঠিছিল ৰাষ্ট্ৰীয় পৰ্যায়ত। সকলোকে কৰিছিল গৌৰৱান্বিত। পিছে এসময়ত নিজৰ ক্ৰীড়া প্ৰতিভাৰে ৰাজ্যবাসীক গৌৰৱান্বিত কৰা ডালিমী হালৈয়ে ২০০২ চনত ক্ৰীড়াক্ষেত্ৰ এৰাৰ পিছতে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই এতিয়া এনেদৰেই পদপথতে চাহৰ দোকান দি চলাই নিছে পৰিয়াল । চাওক এক প্ৰতিবেদনঃ

এগৰাকী ৰাষ্ট্ৰীয় কাবাডী খেলুৱৈৰ দুৰ্দশাগ্ৰস্ত জীৱন

Intro:এগৰাকী ৰাষ্ট্ৰীয় কাবাডী খেলুৱৈৰ দূৰ্দশাগ্ৰস্ত জীৱন । পদপথত চাহ-ৰুটি বিক্ৰী কৰি চলাই গৈছে জীৱন সংগ্ৰাম Body:

নলবাৰী চহৰৰ পদপথত মানুহজনীৰ দৈনন্দিন ব্যস্ততা।এখন চালিৰ তলত চাহ-ৰুটি বিক্ৰী কৰি প্ৰতিনিয়ত চলাই গৈছে জীৱন সংগ্ৰাম ।সংগ দিছে স্বামী-পুত্ৰই ।

নলবাৰী চহৰৰ শ্বহীদ মাৰ্কেটৰ সমীপতে চাহৰ দোকান দি পেট প্ৰৱৰ্তোৱা এই মহিলা গৰাকীৰ নাম ডালিমী দাস হালৈ ।এসময়ত কাবাডী খেলি তেওঁ ৰাষ্ট্ৰীয় পৰ্য্যায়ত তেওঁ বুটলিছিল সন্মান ।ৰাজ্যক প্ৰতিনিধিত্ব কৰি কেবাবাৰো উজ্বলি উঠিছিক ৰাষ্ট্ৰীয় পৰ্য্যায়ত ।সকলোকে কৰিছিল গৌৰৱান্বিত ।পিছে এসময়ত নিজৰ ক্ৰীড়া প্ৰতিভাৰে ৰাজ্যবাসীক গৌৰৱান্বিত কৰা ডালিমী দাস হালৈয়ে ২০০২ চনত ক্ৰীড়াক্ষেত্ৰ এৰাৰ পিছতে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই এতিয়া এনেদৰেই পদপথত চাহৰ দোকান দি চলাইছে পৰিয়াল ।এদিন দোকান খন খুলিব নোৱাৰিলে দুবেলা-দুমুঠি খাবলৈ নোজোৰে ভাত ।ত্ৰিপুৰা,পঞ্জাৱ,হাৰিয়ানাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত কাবাদী খেলৰ জৰিয়তে সুনাম অৰ্জন কৰা ডালিমীয়ে দুই পুত্ৰ সন্তানকো কেৱল মাত্ৰ আৰ্থিক দীনতাৰ বাবেই নোৱাৰিলে পঢ়ুৱাব।সাফল্যৰ বিভিন্ন প্ৰমাণপত্ৰ লৈ বহুবাৰ চাকৰিৰ বাবে আৱেদন জনাইও নাপালে সুফল।সুদক্ষ এই খেলুৱৈ গৰাকীয়ে আৰক্ষীৰ চাকৰিৰ সাক্ষাৎকাৰত উৰ্ত্তীণ হৈও কেৱল মাত্ৰ ঘোচ দিব নোৱাৰাৰ বাবেই নাপালে চাকৰি।মন কৰিবলগা যে এই গৰাকী ৰাষ্ট্ৰীয় খেলুৱৈৰ থাকিবলৈ নাই কোনো ঘৰ ।নলবাৰী চহৰৰ এইটো ভাড়াঘৰত থাকিয়েই চলাই গৈছে দোকান ।

প্ৰশ্ন হয় চৰকাৰৰ ক্ৰীড়া বিভাগৰ চকুত পৰিবনে ডালিমী হালৈক??।
Conclusion:কৈলাস ডেকা, নলবাৰী।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.