ETV Bharat / state

নলবাৰীত শেহতীয়াকৈ ক’ভিডত আক্ৰান্ত ১২১ গৰাকী

author img

By

Published : May 23, 2021, 10:55 AM IST

নলবাৰীত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্ত লোকৰ সংখ্যা । নলবাৰীত বৰ্তমানলৈকে ৪৩৯৪ গৰাকী আক্ৰান্ত হৈছে মহমাৰী ক’ৰণাত ৷ শনিবাৰৰ দিনটোত ১২১ গৰাকী ক’ভিডত আক্ৰান্ত হয় ।

covid
নলবাৰীত প্ৰতিদিনে বাঢ়িয়েই আছে ক’ৰণাৰ সংক্ৰমণ

নলবাৰী, ২৩ মে': দেশত ক’ৰণাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ প্ৰতিদিনে আক্ৰান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ তাৰ সমান্তৰালভাৱে ৰাজ্যতো ক্ৰমাৎ জটিল হৈ পৰিছে ক’ভিড-১৯ৰ পৰিস্থিতি ৷ তাৰ মাজতে ক’ভিডৰ দ্বিতীয় ঢৌত নলবাৰীত বৰ্তমানলৈ ৪৩৯৪ গৰাকী আক্ৰান্ত হৈছে ৷ শনিবাৰৰ দিনটোত ১২১ গৰাকী ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে ৷ বৰ্তমান জিলাখনত ক’ভিড আক্ৰান্ত সক্ৰিয় হৈ থকা ৰোগীৰ সংখ্যা হৈছে ২৪০৪ গৰাকী ৷ ইফালে বৰ্তমানেও জিলাখনত হোম আইছলেচনত আছে ২০৬৭ গৰাকী । ইফালে, শনিবাৰৰ দিনটোত জিলাখনত ৮২ গৰাকী ক’ভিড মুক্ত হয় ।

আক্ৰান্তসকলৰ ভিতৰত নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ১০০ গৰাকী, বেলশৰ মডেল হাস্পতালত ৩৯ গৰাকী আৰু মাখিবাহা আদৰ্শ হাস্পতালত ৪৫ গৰাকী, মহাত্মা গান্ধী মডেল হাস্পতাল খাটিকুছিত ৪১ গৰাকী আৰু সাৰথি হাস্পতালত ৩০ গৰাকী চিকিৎসাধীন হৈ আছে ।

আনহাতে, নতুনকৈ আদাবাৰীস্থিত মডেল হাস্পতালত ২৬ গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ কথা উল্লেখ কৰিছে স্বাস্থ্য বিভাগৰ লোকে । ইয়াৰোপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, মহেন্দ্ৰ মোহন চৌধুৰী অসামৰিক চিকিৎসালয় আৰু কালাপাহাৰ ক’ভিড চিকিৎসালয়লৈ ৫৬ গৰাকীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰিছে জিলা স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক: ক’ভিড আক্ৰান্ত কাৰাবন্দী আলফা নেতা জীৱন মৰাণক এএমচিলৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.