ETV Bharat / state

নলবাৰীত ধানৰ বীজ বিতৰণত কেলেংকাৰীৰ অভিযোগ - নলবাৰী ছাত্ৰ সন্থা

কৃষকৰ নামত আৱন্টন হোৱা ধানৰ বীজ বিতৰণৰ ক্ষেত্ৰত ব্যাপক অনিয়মৰ অভিযোগ ৷ প্ৰকৃত কৃষকে বীজ লাভ কৰাৰ বিপৰীতে এচাম মধ্যভোগীয়ে বীজ সমূহ সৰকাই খোৱাৰ অভিযোগ উত্থাপন কৰিছে নলবাৰী ছাত্ৰ সন্থাই ৷

nalbari-students-union-complain-against-agricultural-issues-at-nalbari
নলবাৰীত ধানৰ বীজৰ কেলেংকাৰী
author img

By

Published : Jun 9, 2020, 7:53 PM IST

নলবাৰী,9 জুনঃ ৰাজ্যৰ কৃষক সকলৰ সন্মানৰ বাবে গ্ৰহণ কৰা আঁচনিৰ ব্যাপক দুৰ্নীতিৰ ঘটনা মাৰ নৌযাওতেই পুনৰ সংঘটিত হ'ল আন এক কেলেংকাৰী। বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত গাওঁ সমূহত কৃষকৰ নামত আৱণ্টন হৈছিল ধানৰ বীজ। প্ৰাপ্ত অভিযোগ মতে,বীজসমূহ প্ৰকৃত কৃষকে লাভ কৰাৰ বিপৰীতে এচাম মধ্যভোগীয়ে বীজ সমূহ ভাঙি চাউল কৰি খোৱাৰ তথ্য পোহৰলৈ আহিছে। উক্ত ঘটনাৰ উচিত তদন্তৰ বাবে পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ এটি দল উপস্থিত হৈ উক্ত উন্নয়ন খণ্ডত ৷

নলবাৰীত ধানৰ বীজ বিতৰণত কেলেংকাৰীৰ অভিযোগ

বন ভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ অভিযোগ,দুপৰীয়া ১২ বজালৈ কোনো এজন কৰ্মচাৰী উপস্থিত নাছিল কাৰ্যালয়ত। বহু সময়ৰ অপেক্ষাৰ পিছত দুই এজন কৰ্মচাৰী উপস্থিত হয় কাৰ্যালয়ত আৰু শেষত উন্নয়ন বিষয়াই তেওঁলোকক দায়সৰা‌ মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়কঃচৰকাৰলৈ কি অনুৰোধ জনাইছে বিষ্ণুপ্ৰিয়াই ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.