ETV Bharat / state

জ্যোতিস্মান,নমস্যা,হীৰকজ্যোতি,মাচুম, ইমন আৰু শশাংকৰ সাফল্যত গৌৰৱান্বিত নলবাৰীবাসী

নলবাৰীৰ পৰা স্থান প্ৰাপ্ত অধিক বিদ্যালয়ে ব্যক্তিগত খণ্ডৰ বুলি জানিব পৰা গৈছে ।

author img

By

Published : Jun 6, 2020, 2:53 PM IST

Nalbari is proud to have won 5 seats in HSLC result 2020
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলিল নলবাৰী

নলবাৰী, 6 জুনঃ শিক্ষাৰ নৱদ্বীপ খ্যাত নলবাৰী পুনৰ উজ্বলি উঠিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৷ জিলাখনৰ কৃতিমান ৬ গৰাকী ছাত্র-ছাত্ৰীয়ে উজ্বলালে নলবাৰী জিলা । বৰভাগৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ জ্যোতিস্মান দেৱ শৰ্মাই তৃতীয় স্থানৰে গৌৰৱ কঢ়িয়াই আনিছে জিলাখনত । ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন দেখা জ্যোতিষ্মানৰ পিতৃ এগৰাকী কুলেশ্বৰ শৰ্মা এগৰাকী শিক্ষক লগতে মাতৃ গৃহিণী ।

চতুৰ্থ স্থানত উজ্বলিল নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নমস্যা ডেকা ৷ শিক্ষকৰ কন্যা নমস্যাৰ এগৰাকী চিকিৎসক হোৱাৰ সপোন ৷ আনহাতে কোনো ধৰণৰ পঢ়াৰ সময় নাছিল ছাত্ৰীগৰাকীৰ । যেতিয়া সময় পাই তেতিয়াই অধ্যয়ন কৰিছিল নমস্যাই ৷

লগতে পঢ়কঃ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মফচলীয় অঞ্চলৰ শিক্ষাৰ্থীৰ আধিপত্য

পঞ্চম স্থানত উজ্বলিল কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰকজ্যোতি বৈশ্য।মেধাৱী ছাত্ৰজনৰ পিতৃ এগৰাকী শিক্ষক আৰু মাতৃ অংগনবাদীৰ কৰ্মী হিচাপে কৰ্মৰত । দৈনিক ৮ /১০ ঘন্টাকৈ অধ্যয়ন কৰিছিল হীৰকজ্যোতিয়ে ।

আনহাতে, নৱম স্থানত জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিলে মাচুম মেহতাৱ আৰু ইমন বৈশ্যই । দুয়োজন ছাত্ৰই বাহাৰঘাটৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা ৫৮৫ নম্বৰৰে নৱম স্থান দখল কৰিবলৈ সক্ষম হয় । ছাত্ৰ দুজনৰ সফলতাত উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে অঞ্চলটোত ।

দশম স্থান লাভ কৰি নলবাৰী আনন্দ বিদ্যা নিকেতনৰ লগতে জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে শশাংক হালৈয়ে । উল্লেখ্য যে, নলবাৰীৰ পৰা স্থান প্ৰাপ্ত অধিক বিদ্যালয়ে ব্যক্তিগত খণ্ডৰ বুলি জানিব পৰা গৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.