নলবাৰী,31 মে’: নলবাৰীত প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ ক’ভিডৰ দ্বিতীয় ঢৌত নলবাৰীত মুঠ কৰ’ণা আক্ৰান্তৰ সংখ্যা 4,969 গৰাকীলৈ বৃদ্ধি পাইছে । ইয়াৰে দেওবাৰৰ দিনটোত আক্ৰান্ত হয় 94 গৰাকী । বৰ্তমান জিলাখনত আক্ৰান্ত হৈ আছে 1,626 গৰাকী ৰোগী ৷ ইফালে জিলাখনত 1,361 গৰাকী ৰোগী হোম আইচ’লেছনত আছে ৷
![nalbari_Covid_Update](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-nlb-06-30may-covid-update-as10004_30052021212622_3005f_1622390182_818.jpg)
উল্লেখ্য যে, নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 100 গৰাকী ক’ভিড আক্ৰান্ত ৰোগী চিকিৎসাধীন হোৱাৰ বিপৰীতে বেলশৰ ম’ডেল হাস্পতালত 25 গৰাকী আৰু মাখিবাহা আদৰ্শ হাস্পতালত 23 গৰাকী ৰোগী আছে ৷ একেদৰে, খাতিকুছিত 32 গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হোৱাৰ বিপৰীতে সাৰথি হাস্পতালত 19 গৰাকী আৰু আদাবাৰী ম’ডেল হাস্পতালত 26 ক’ভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ কথা উল্লেখ কৰিছে জিলা স্বাস্থ্য বিভাগে ।
ইয়াৰ উপৰিও জিলা স্বাস্থ্য বিভাগৰ তথ্যত উল্লেখ কৰা অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, এমএমচিএইচ আৰু কালাপাহাৰ ক’ভিড চিকিৎসালয়লৈ 40 গৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে । জিলাখনত দেওবাৰৰ দিনটোত 156 গৰাকী লোক সুস্থ হৈ উঠিছে ৷
লগতে পঢ়ক : সোমবাৰৰ পৰা ৰাজ্যত 18-45 বছৰৰ লোকৰ বাবে উপলব্ধ নহয় ভেকচিন