ETV Bharat / state

শুকুৰবাৰৰ দিনটোৰ নলবাৰীৰ ক’ভিডৰ তথ্য

author img

By

Published : May 29, 2021, 12:46 PM IST

শুকুৰবাৰৰ দিনটোত নলবাৰী জিলাত 94 গৰাকী লোক ক’ভিডত আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ বিপৰীতে সম্প্ৰতি জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা 4969 গৰাকীলৈ বৃদ্ধি পাইছে ৷

nalbari Covid_Update
শুকুৰবাৰৰ দিনটোৰ নলবাৰীৰ ক’ভিডৰ তথ্য

নলবাৰী, 29 মে’ : ক’ভিডৰ দ্বিতীয় ঢৌত নলবাৰী জিলাত মুঠ আক্ৰান্তৰ সংখ্যা 4969 গৰাকীলৈ বৃদ্ধি পাইছে । ইয়াৰে শুকুৰবাৰৰ দিনটোত 94 গৰাকী লোক ক’ভিডত আক্ৰান্ত বুলি চিনাক্ত হৈছে । সম্প্ৰতি জিলাখনত 1626 গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে 1361 গৰাকী ক’ভিড ৰোগী হোম আইচ’লেচনত আছে ৷

উল্লেখ্য যে, নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 100 গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হোৱাৰ লগতে বেলশৰ ম’ডেল হাস্পতালত 25 গৰাকী আৰু মাখিবাহা আদৰ্শ হাস্পতালত 23 গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে ৷ একেদৰে, মহাত্মা গান্ধী ম’ডেল হাস্পতাল খাটিকুছিত 32 গৰাকী ক’ভিড ৰোগী ৰখাৰ লগতে সাৰথি হাস্পতালত 19 গৰাকী আৰু আদাবাৰী ম’ডেল হাস্পতালত 26 ক’ভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ কথা উল্লেখ কৰিছে ।

nalbari Covid_Update
শুকুৰবাৰৰ দিনটোৰ নলবাৰীৰ ক’ভিডৰ তথ্য

ইয়াৰ উপৰিও জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতাল, এমএমচিএইচ হাস্পতাল আৰু কালাপাহাৰ ক’ভিড চিকিৎসালয়লৈ 40 গৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰিছে ৷ আনহাতে, শুকুৰবাৰৰ দিনটোত জিলাখনত 156 গৰাকী ৰোগী ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে ।

লগতে পঢ়ক : গুৱাহাটীৰ ভেকচিন প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্রীৰ টুইট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.