নলবাৰী,২৭ মে': পূৰ্বৰ তুলনাত ৰাজ্যত কিছু হ্ৰাস পাইছে কৰ’ণাৰ সংক্ৰমণ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কাল কৰ’ণাৰ দ্বিতীয় ঢৌৰ গ্ৰাসত পৰিছিল নলবাৰী জিলা । নলবাৰীৰ স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি, জিলাখনত আংশিকভাৱে হ্ৰাস পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা । বুধবাৰৰ দিনটোত নলবাৰীত মুঠ ১৩৯ গৰাকী লোক ক’ভিডমুক্ত হয় । ইয়াৰ বিপৰীতে ৮৩ গৰাকী লোক নতুনকৈ আক্ৰান্ত হয় । ইয়াৰ সৈতে জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা হয়গৈ ৪,৭৬৪ গৰাকী ।

বুধবাৰলৈ জিলাখনত ২,২৮২ টা ঘটনা সক্ৰিয় হৈ আছে । ইফালে হোম আইচ’লেচনত আছে ১,৯৮৭ গৰাকী । নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ১০০ গৰাকী, বেলশৰ মডেল হাস্পতালত ৩১ গৰাকী, মাখিবাহা আদৰ্শ হাস্পতালত আছে ৩০ গৰাকী, মহাত্মা গান্ধী মডেল হাস্পতাল খাতিকুছিত ২৩ গৰাকী, সাৰথি হাস্পতালত ২৩ গৰাকী, আদাবাৰী মডেল হাস্পতালত ৩০ গৰাকী চিকিৎসাধীন হৈ থকাৰ কথা উল্লেখ কৰিছে জিলা স্বাস্থ্য বিভাগে ।
আনহাতে, ৫৮ গৰাকী ক’ভিড ৰোগীক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচ, এমএমচিএইচ আৰু কালাপাহাৰৰ ক’ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়ক: বজালীত লোকনিৰ্মাণ বিভাগ আৰু পঞ্চায়ত প্ৰতিনিধিৰ যৌথ সন্মিলন