ETV Bharat / state

মঙলবাৰে নলবাৰীত ২১৯ গৰাকী লোক কৰ'ণাত আক্ৰান্ত

author img

By

Published : May 12, 2021, 9:15 AM IST

নলবাৰীত ক্ৰমান্বয়ে কৰ’ণা সংক্ৰান্তীয় পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে । প্ৰতিদিনে নলবাৰীত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা । মঙলবাৰৰ দিনটোত ২১৯ গৰাকী লোকৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰে । ফলত মুঠ আক্ৰান্তৰ সংখ্যা ২৬৯৪ গৰাকীলৈ বৃদ্ধি পাইছে জিলাখনত ।

nalbari ccovid update
মংগলবাৰে নলবাৰীত ২১৯ গৰাকী কৰ'ণাত আক্ৰান্ত

নলবাৰী, 12 মে': সমগ্ৰ দেশৰ লগতে অসমতো মহামাৰী কৰ'ণা ভাইৰাছৰ দ্বিতীয় ঢৌৰ বিভীষিকা অব্যাহত আছে । ৰাজ্যৰ ভিতৰতে শীৰ্ষ চাৰি নম্বৰ স্থানত থকা জিলা নলবাৰীতো কৰ'ণাৰ সংক্ৰমণ তীব্ৰ গতিত বৃদ্ধি পাইছে । কৰ'ণাৰ দ্বিতীয় ঢৌত জিলাখনত মংগলবাৰৰ দিনটোত ২১৯ গৰাকী লোক নতুনকৈ আক্ৰান্ত হয় । ফলত মুঠ আক্ৰান্তৰ সংখ্যা ২৬৯৪ গৰাকীলৈ বৃদ্ধি পাইছে ।

ইয়াৰে নতুনকৈ আক্ৰান্তসকলৰ ভিতৰত ৰেপিড টেষ্টত (RAPID) ২০০ গৰাকী আৰু আৰ টি পি চি আৰ (RTPCR) ত ১৯ গৰাকী লোকৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰে । মঙলবাৰৰ পৰ্যন্ত জিলাখনত ১৮৬১ টা ঘটনা সক্ৰিয় হৈ আছে । ইফালে, হোম আইছলেশ্যনত আছে ১৬৩৩ গৰাকী ।

আক্ৰান্তসকলৰ ভিতৰত নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ৯৬ গৰাকী, বেলশৰ মডেল হাস্পতালত ৩০ গৰাকী, মাখিবাহা আদৰ্শ হাস্পতালত ৩৫ গৰাকী আৰু মহাত্মা গান্ধী মডেল হাস্পতালত ৭ গৰাকী ক'ভিড ৰোগী চিকিৎসাধীন হৈ আছে । তদুপৰি, গুৱাহাটী মেডিকেল কলেজ হাস্পতাল, মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল আৰু কালাপাহাৰ ক'ভিড চিকিৎসালয়লৈ ৬০ গৰাকীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰা হৈছে জিলা স্বাস্থ্য বিভাগৰ তথ্যত ।

লগতে পঢ়ক: মৰাণত মঙলবাৰে 107 গৰাকী লোক কৰ’ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.