নলবাৰী,3 মে’: নলবাৰীত ক’ভিড আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ সোমবাৰে জিলাখনত নতুনকৈ 211 গৰাকীৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে ৷ ইয়াৰ লগতে বৰ্তমানলৈ নলবাৰীত ক’ভিড আক্ৰান্তৰ সংখ্যা 990 গৰাকীলৈ বৃদ্ধি পায় ৷ আনফালে 961 গৰাকী ৰোগী হোম আইচ’লেচনত আছে । চলিত বৰ্ষত নলবাৰীত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা 1,286 গৰাকীলৈ বৃদ্ধি পাইছে ।
উল্লেখ্য যে, জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 95 গৰাকীৰ লগতে বেলশৰ মডেল হাস্পতালত 10 গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে ৷ জিলাখনত সোমবাৰৰ দিনটোত 197 গৰাকী লোকৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰাৰ লগতে 14 গৰাকী লোকৰ আৰটিপিচিআৰ পৰীক্ষা সম্পন্ন কৰা হয় ৷
লগতে পঢ়ক : কলিয়াবৰত পুনৰ পাঁচজন ক'ভিডত আক্ৰান্ত