নলবাৰীত, 13 অক্টোবৰ : নলবাৰী জিলা ৰাজীৱ ভৱনত মঙলবাৰে ৰণডংকা নামেৰে এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা অনুশেষ শৰ্মা, অসম ৰাজ্যিক এন এছ ইউ আইৰ সাধাৰণ সম্পাদক অবিনাশ গগৈ, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুত ভূঞা উপস্থিত থাকে ৷
সভাখনত উপস্থিত নেতা সকলে বি জে পি দলক তীব্ৰ সমালোচনা কৰে। বি জে পি দলে নান ধৰণৰ মিথ্যাচাৰৰ আশ্ৰয় লৈ শাসনৰ গাদী দখল কৰি বিভিন্ন দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে । ৰাজ্যত চলি থকা দুৰ্নীতিৰ তদন্তৰ দ্বায়িত্ব চিবিআইক অৰ্পণৰ দাবী জনায় কংগ্ৰেছৰ নেতা সকলে।
আনহাতে শেহতীয়াকৈ এছ আই পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল হোৱাত গৃহ বিভাগৰ ব্যৰ্থতাৰ প্ৰতিবাদত নলবাৰীত জিলা এন এছ ইউ আইয়ে ৰণডংকা কাৰ্যসূচীৰ পিছতে ৰাজীৱ ভৱনৰ সন্মুখত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে।
লগতে পঢ়ক: এছ.আই কেলেংকাৰী কেতিয়াও হোৱাই নাছিল: দিলীপ শইকীয়া