নলবাৰী,21 মাৰ্চঃ 22 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছে জনতা কাৰ্ফিউ ৷ জনতা কাৰ্ফিউৰ বাবে নলবাৰীত জিলা প্ৰশাসনে দেওবাৰে বন্ধ ঘোষণা কৰিছে বিভিন্ন বজাৰ, শ্বপিং মল ৷ জিলা উপায়ুক্ত ভাৰত ভূষণ চৌধুৰীয়ে দূৰ্যোগ ব্যৱস্থাপনা আইন,২০০৫ ৰ ৩৪ ধাৰা অনুসৰি আৰু Assam COVID-19 Regulation ২০২০ ৰ ১৪ নং দফাৰ অধীনত তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ জাৰি কৰিছে এই নিৰ্দেশনা ৷ নিৰ্দেশনা অনুসৰি জিলাখনত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্য্যন্ত ব্যক্তিগত আৰু বাণিজ্যিক ট্ৰেক্টৰৰ চলাচলো বন্ধ ঘোষণা কৰা হৈছে। জনতা কাৰ্ফিউ ৰ পৰিপ্ৰেক্ষিতত 22 মাৰ্চত নলবাৰী জিলা প্ৰশাসনে ঘোষণা কৰিছে ড্ৰাই দে’ ।
লগতে পঢ়ক-শব্দ তৰংগই ভাইৰাছ তথা বেক্টেৰিয়া দূৰ কৰিব পাৰেঃ সুদেশ বাৰ্মা