নলবাৰী, 16 জুলাই: বিগত এমাহৰ ভিতৰত পাঁচবাৰকৈ বানত জুৰুলা হোৱা ধৰ্মপুৰ সমষ্টিৰ বানপিড়ীতৰ কাষত বৃহস্পতিবাৰে উপস্থিত হ'ল সাংসদ আব্দুল খালেক । বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত গৈ খাদ্য সামগ্ৰী বিতৰণ কৰে সাংসদগৰাকীয়ে ।
আনহাতে ধৰ্মপুৰত উপস্থিত হৈ সকলোকে একগোট হৈ বানপীড়িতক সহায় কৰিবলৈ আহ্বান জনাই সাংসদগৰাকীয়ে। লগতে কৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবলৈ সকলোকে নীতি নিয়ম মানি চলিবলৈও কয় খালেকে ।
মথাউৰি সমূহ সময় মতে মেৰামতি নকৰাৰ বাবেই বানৰ তাণ্ডৱ চলাৰ অভিযোগ কৰে সাংসদগৰাকীয়ে। আনহাতে পাঁচবাৰকৈ ধৰ্মপুৰ সমষ্টিৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে প্ৰতিনিধিত্ব কৰাৰ পিছতো এবাৰো খবৰ ল'বলৈ আহৰি নাই তেনেস্থলত অসমবাসীয়ে কি আশা কৰিব বুলি মন্তব্য কৰে ।
ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত নতুন আঞ্চলিক দলক শুভেচ্ছা জনাই আব্দুল খালেকে । সাংসদগৰাকীক সংগ দিয়ে প্ৰাক্তন মন্ত্ৰী নিলমণি সেন ডেকা, প্ৰাক্তন বিধায়ক আব্দুল ৰহিম খান,যুৱ নেতা ৰাতুল পাটোৱাৰী আদি ।