ETV Bharat / state

Mukunda Kakati Civil Hospital controversy: একো নবুজাকৈ ৰাইজে প্ৰতিবাদ কৰাৰ অভিযোগ মন্ত্ৰী জয়ন্ত মল্লৰ - Pragya Yojana

দল-সংগঠনে চিভিল হাস্পতালৰ (Swahid Mukunda Kakati Civil Hospital) স্থানান্তৰৰ বিষয়ে নুবুজাকৈ প্ৰতিবাদ কৰিছে । কংগ্ৰেছে সুবিধা লৈ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি প্ৰতিবাদ কৰিছে । নেশ্যনেল মেডিকেল কাউঞ্চিলৰ পৰ্যবেক্ষণৰ পিচতে নলবাৰী চিভিল হাস্পতাললৈ পুনৰ ঘূৰাই অনা হ’ব সকলো যাৱতীয় ব্যৱস্থা ৷ বুধবাৰে এইদৰে মন্তব্য কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

Mukunda Kakati Civil Hospital
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
author img

By

Published : Feb 15, 2023, 4:16 PM IST

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

নলবাৰী, ১৫ ফেব্ৰুৱাৰী : ৰাজনৈতিক মুনাফাৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে অপপ্ৰচাৰত নামিছে কোনে ? ‘‘প্ৰতিবাদকাৰীয়ে নুবুজাকৈ নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামাৰিক চিকিৎসালয়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে । আচলতে প্ৰতিবাদকাৰীয়ে বুজা নাই সম্পূৰ্ণ বিষয়টো ৷ সেয়ে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ (Swahid Mukunda Kakati Civil Hospital) বাবে কৰি আছে প্ৰতিবাদ ৷’’ এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷

মন্ত্ৰীগৰাকীয়ে (Minister Jayanta Malla Baruah) লগতে কয়, ‘‘মেডিকেল কলেজৰে সৈতে সংলগ্ন নহয় শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়৷ উক্ত স্থানত স্থাপন হ’ব আটকধুনীয়া তথা সম্পূৰ্ণ সুবিধা থকা ৫০ খন বিচনাযুক্ত চিটি চেন্টাৰ হাস্পতাল ৷ একে স্থানতে স্থাপন হ’ব Tata ৰ কেঞ্চাৰ হাস্পতালো (Tata Cancer Hospital in Nalbari) ৷ অৱশ্যে এই বিষয়টো বিপথে পৰিচালিত কৰি ৰাইজৰ মাজত বিভ্ৰান্তৰ সৃষ্টি কৰি ৰাজনৈতিক মুনাফা লাভৰ চেষ্টা একাংশৰ ৷’’

‘‘দুৰ্ভাগ্যৰ কথা মই এইকেইদিন দলৰ স্বাৰ্থত ত্ৰিপুৰাত আছিলোঁ ৷ মই থকা হ’লে ইমানবোৰ হ’বলৈ নাপালেহেতেন ৷’’ নলবাৰীত এইদৰে প্ৰতিক্ৰিয়া আগবঢ়ালে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ প্ৰজ্ঞা যোজনাৰ (Pragya Yojana) অধীনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই APSC ৰ ২০২২ বৰ্ষৰ প্ৰিলিমছৰ বাবে ৩৫ দিনৰ ফলাফল অভিমুখী বিনামূলীয়া প্ৰশিক্ষণৰ শুভাৰম্ভণী অনুষ্ঠানত অংশ লৈ এইদৰে মন্তব্য প্ৰকাশ কৰে (APSC Prelims Exam training in Nalbari) ৷

জিলাখনৰ মুঠ ৬০ গৰাকী শিক্ষাৰ্থীক প্ৰশিক্ষণ দিবলগীয়া অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক শুভেচ্ছা জনায় ৷ মন্ত্ৰীগৰাকীয়ে লগতে শেহতীয়াকৈ বিতৰ্কত সোমাই পৰা নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন নলবাৰী মেডিকেল কলেজৰে সংলগ্ন কৰা বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

উল্লেখ্য যে, NMC-ৰ পৰ্যবেক্ষক দলে নলবাৰী মেডিকেল কলেজ (Nalbari Medical College) পৰিদৰ্শন নকৰালৈকে ৰাইজক অলপ কষ্ট স্বীকাৰ কৰি হ’লেও ধৈৰ্য ধৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, একাংশই ৰাজনৈতিক মুনাফাৰ স্বাৰ্থত মন্ত্ৰীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই ৰাইজক বিপথে পৰিচালিত কৰাৰো অভিযোগ তুলিছে মন্ত্ৰীগৰাকীয়ে ৷

প্ৰায় ৭ ৰ পৰা ১০ দিনৰ ভিতৰত শ্বহীদ মুকুন্দ কাকতি হাস্পতালসহ জিলাখনৰ প্ৰায়বোৰ চিকিৎসালয়তে OPD সেৱাৰ লগতে পৰ্যাপ্ত চিকিৎসা সেৱা পূৰ্বৰ দৰে চলিব বুলিও আশ্বাস প্ৰদান কৰে৷ লগতে ৬ মাহৰ ভিতৰত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ স্থানত এখন আটকধুনীয়া ৫০খন বিচনাযুক্ত চিটি চেন্টাৰ হাস্পতাল স্থাপন কৰাৰ লগতে Tata ৰ কেঞ্চাৰ হাস্পতালো স্থাপন কৰা পূৰ্ণ আশ্বাস প্ৰদান কৰে ৷ মন্ত্ৰীগৰাকীয়ে কয়, ‘‘তেতিয়া কিন্তু ৰাইজে বুজিব আমি ৰাইজৰ চিকিৎসাৰ বাবে যে ভাল কাম কৰিছো ৷’’ ইপিনে প্ৰতিবাদৰ নামত প্ৰতিবাদ কৰাতকৈ এবাৰ খোদ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে আলোচনাত বহিবলৈও ৰাইজক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Debabrat saikia condemend Assam govt : মুখ্যমন্ত্ৰীৰ সমালোচনাত সৰৱ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.