ETV Bharat / state

Silsako eviction drive: 20 লাখ মানুহৰ বাবে 20 ঘৰ মানুহৰ উচ্ছেদ চলোৱাতো মানৱতাৰ কাম- জয়ন্ত মল্ল বৰুৱা

author img

By

Published : Mar 4, 2023, 11:01 PM IST

শিলসাকো উচ্ছেদেই নহয় গুৱাহাটীখনক বেদখলমুক্ত কৰিবলৈ উচ্ছেদ চলাটো অনিবাৰ্য বুলি মন্তব্য প্ৰকাশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ নলবাৰীস্থিত নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন (Jayanta Malla Baruah Nalbari Medical College) কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

Minister Jayanta Malla Baruah comment On Silsako beel Eviction
20 লাখ মানুহৰ বাবে 20 ঘৰ মানুহৰ উচ্ছেদ চলোৱাতো মানৱতাৰ কাম- জয়ন্ত মল্ল বৰুৱা

নলবাৰী, ৪ মাৰ্চ: "20 লাখ মানুহৰ বাবে 20 ঘৰ মানুহৰ উচ্ছেদ চলোৱাতো মানৱতাৰ কাম ৷ ২০ লাখ মানুহৰ ভৱিষ্যতৰ কথা ভাবিহে ২০ ঘৰ মানুহক উচ্ছেদ কৰা হৈছে । গুৱাহাটীক কৃত্ৰিম বানৰ পৰা মুক্তি দিবলৈ শিলসাকো, দীপৰ বিল আদিত উচ্ছেদ চলাটো অনিবাৰ্য ৷ যি সমূহ চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত আছে সকলো ভূমি বেদখলমুক্ত হ’ব (Illegal encroachment at Silsako beel) । উচ্ছেদিত লোকসকলক চৰকাৰৰ ফালৰ পৰা সকলো সহায় সাহায্য় আগবঢ়োৱা হ’ব (Jayanta Malla Baruah comment On Silsako Eviction)৷" গুৱাহাটীৰ শিলসাকো বিলক বেদখলমুক্ত কৰাৰ লক্ষ্যৰে সোমবাৰৰ পৰা ব্যাপক উচ্ছেদ অভিযান চলি থকাৰ সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Malla Baruah)৷

শনিবাৰে নলবাৰীৰ নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন (Jayanta Malla Baruah Nalbari Medical College) কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয় খন পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কয় যে শেহতীয়াকৈ ৰাষ্ট্ৰীয় মেডিকেল কাউঞ্চিলে পৰ্যবেক্ষণ কৰি যোৱাৰ পিচত সম্প্ৰতি নলবাৰী মেডিকেল কলেজত সুকলমে চিকিৎসা সেৱা চলি আছে ।

হাস্পতালখনত বৰ্তমান কোনো ৰোগীয়ে একো অভিযোগ নোহোৱাকৈ সকলো ধৰণৰ স্বাস্থ্যসেৱা লাভ কৰিছে । পৰ্যাপ্ত চিকিৎসকৰ দ্বাৰা সমগ্ৰ মেডিকেল কলেজখনত ৰোগীৰ বাবে স্বাস্থ্য সেৱা চলি আছে ।

উল্লেখযোগ্য যে , যোৱা ২৭ ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় মেডিকেল কাউঞ্চিলে দিনজোৰা কাৰ্যসূচীৰে নৱনিৰ্মিত নলবাৰী মেডিকেল কলেজ হাস্পতালখন সকলো বিভাগৰ লগতে সমগ্ৰ চৌহদ পৰ্যবেক্ষণ কৰিছিল । নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত চিটি চেন্টাৰ হিচাপে জনসাধাৰণে কিছু পৰিমানে স্বাস্থ্য সেৱা জনতাই লাভ কৰি আহিছে ৷ অনাগত নলবাৰী অসামৰিক চিকিৎসালয়ত ৰাইজৰ সুবিধাৰ্থে নতুনকৈ বিভাগ বঢ়োৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি সদৰী কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

মন্ত্ৰী বৰুৱাই কয়, বৰ্তমান ৰাজ্যত ডাক্তৰৰ সংখ্যা তেনেই নগন্য । পৰ্যাপ্ত চিকিৎসকৰ অভাৱত অসমত ৩০০ খন আসনৰ লক্ষ্যৰে মেডিকেল কলেজত পাঠদান চলিব।

লগতে পঢ়ক: Silsako eviction drive update: সাময়িকভাৱে বন্ধ হ’লেও শিলসাঁকো বিলত পুনৰ চলিব জোৰদাৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.