ETV Bharat / state

নলবাৰীত সংবাদমেল সম্বোধন অসম পৰ্যটন নিগমৰ অধ্যক্ষৰ - অসম পৰ্যটন নিগমৰ অধ্যক্ষ

অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই নলবাৰীত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলখনত বৰুৱাই প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিত সংঘটিত বিসংগতিৰ লগতে আন কেইবাটাও বিষয় সন্দৰ্ভত মন্তব্য কৰে ৷ লক্​ ডাউনৰ সময়ছোৱাত নলবাৰী জিলা বিজেপিৰ কৰ্মকৰ্তাসকলে প্ৰায় 2 লাখ 5 হাজাৰ পৰিয়ালক সহায় কৰাৰ কথা প্ৰকাশ কৰে পৰ্যটন নিগমৰ অধ্যক্ষ গৰাকীয়ে ৷

jayanta malla baruah pressmeet nalbari assam etv bharat news
সংবাদমেল সম্বোধন
author img

By

Published : May 12, 2020, 10:32 PM IST

নলবাৰী,12 মে’: নলবাৰীত মঙলবাৰে উপস্থিত হৈ এক সংবাদমেল সম্বোধন কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই ৷ সংবাদমেলত প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিত সংঘটিত কেলেংকাৰী সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ জিলাখনত প্ৰায় 1,23,426 গৰাকী লোকে কৃষক সন্মান নিধিৰ হিতাধিকাৰীৰ তালিকাত স্থান লাভ কৰিছে ৷ প্ৰকৃততে কৃষি বিভাগত 99,619 গৰাকী কৃষকৰ নাম অন্তৰ্ভুক্ত আছে । এই তালিকাত 23,807 গৰাকী ভুৱা কৃষক অনিয়মেৰে অন্তৰ্ভুক্ত হৈছে বুলি বৰুৱাই ব্যক্ত কৰে । অৱশ্যে তালিকাভুক্ত লোকসকলৰ 87,583 গৰাকীয়েহে আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে একাংশই অবৈধভাৱে তালিকাভুক্ত হৈ লাভ কৰা 10,58,500 টকা ঘূৰাই দিয়ে চৰকাৰক ।

প্ৰধানমন্ত্ৰীৰ কৃষক নিধিত সংঘটিত কেলেংকাৰীৰ তদন্তৰ আশ্বাস

ইফালে,বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ লোক নথকা গাঁৱত কেনেকৈ সম্প্ৰদায়টোৰ লোকসকলৰ নাম সোমাল বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বৰুৱাই এয়া এক ডাঙৰ বিসংগতি বুলি উল্লেখ কৰে । ভিএলডব্লিউ আৰু কম্পিউটাৰ অপাৰেটৰসকলৰ বাবে এই বিসংগতি সংঘটিত হোৱাৰ লগতে সম্প্ৰতি বিষয়টোত নজৰ ৰখা হৈছে ৷

পৰ্যটনৰ ক্ষেত্ৰত তীব্ৰ প্ৰত্যাহ্বান

উল্লেখ্য় যে, লক্​ ডাউনৰ সময়ছোৱাত নলবাৰী জিলা বিজেপিৰ কৰ্মকৰ্তাসকলে প্ৰায় 2 লাখ 5 হাজাৰ পৰিয়ালক সহায় কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য প্ৰকাশ কৰে পৰ্যটন নিগমৰ অধ্যক্ষ গৰাকীয়ে ৷

আৰ্তজনক সহায় বিজেপিৰ

লগতে চাওকঃ এগৰাকী অকলশৰীয়া মহিলাৰ কৰুণ কাহিনী...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.