ETV Bharat / state

বাংলাদেশী মূলৰ ভোট নালাগে বিজেপিক : জয়ন্ত মল্ল বৰুৱা - akhil gogoi

অখিল গগৈ আৰু ভূপেন বৰাৰ গোপন বৈঠকৰ সন্দৰ্ভত বুধবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই ৷ জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ আগত কয়, অখিল গগৈ , AIUDF আৰু কংগ্ৰেছ এটা মুদ্ৰাৰে ইপিঠি সিপিঠি ৷

Jayanta Malla Baruah comments on opposition party
বাংলাদেশী মূলৰ ভোট নালাগে বিজেপিক
author img

By

Published : Aug 25, 2021, 8:18 PM IST

নলবাৰী, 25 আগষ্ট : ৰাজ্যৰ পাঁচটা কৈ সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক-বিৰোধীৰ মাজত ব্যাপক তৎপৰতা দেখা গৈছে ৷ বিশেষকৈ বিৰোধীৰ পক্ষৰ প্ৰতিটো ৰাজনৈতিক দলেই শাসকীয় দল বিজেপিৰ বিৰুদ্ধে অতি কৌশলগতভাৱে নিৰ্বাচনীক কোচকাৱাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ প্ৰমাণ মঙলবাৰে শিৱসাগৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ভূপেন বৰাৰ গোপন বৈঠক ৷

বাংলাদেশী মূলৰ ভোট নালাগে বিজেপিক

এই গোপন বৈঠকৰ পাচতে সাংবাদিকৰ আগত উপ-নিৰ্বাচন কেন্দ্ৰিক আলোচনা হোৱাৰ কথা স্পষ্টকৈ প্ৰকাশ কৰিছে অখিল গগৈ আৰু ভূপেন বৰাই ৷ এই দুয়োটা দলৰ সভাপতিৰ গোপন বৈঠকৰ সন্দৰ্ভত বুধবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই ৷ জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ আগত কয়, অখিল গগৈ , AIUDF আৰু কংগ্ৰেছ এটা মুদ্ৰাৰে ইপিঠি সিপিঠি’’ ৷

‘‘ৰাইজৰ দল, কংগ্ৰেছ আৰু এআইইউডিএফ একলগে থাকে ৷ তেওঁলোকে কেতিয়াবা বৈঠক বহি আলোচনা কৰে, কেতিয়াবা বৈঠক নোহোৱাকৈয়ে আলোচনা কৰে ৷ আকৌ কেতিয়াবা আন্ধাৰে আন্ধাৰে বৈঠকত মিলিত হয় অখিল গগৈ, কংগ্ৰেছ আৰু এআইইউডিএফ ৷ তেওঁলোকৰ এটাই লক্ষ্য বাংলাদেশী মূলৰ ভোট লাগে ৷’’ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জয়ন্ত মল্ল বৰুৱাই ৷

লগতে পঢ়ক: অসমীয়াৰ স্বাভিমান গমোচাক অপমান; ভিডিঅ’ ভাইৰেল

জয়ন্ত মল্ল বৰুৱাই লগতে কয়, বিজেপিক সকলোৰে ভোট লাগে ৷ অসমীয়া মুছলমান , সনাতনী সংস্কৃতিক বিশ্বাস কৰা সকলোৰে ভোট বিজেপিক লাগে ৷ বাংলাদেশী মূলৰ ভোটখিনি ৰাইজৰ দল, কংগ্ৰেছ আৰু এআইইউডিএফ এৰি দিছে বিজেপিয়ে ৷ গতিকে অখিল, কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত বাংলাদেশী মূলৰ ভোট কেইটাহে ভাগবাটোৱাৰা হয় বুলি মন্তব্য প্ৰকাশ কৰে জয়ন্ত মল্ল বৰুৱাই ৷

বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণ শিবিৰ মুকলি জয়ন্ত মল্ল বৰুৱাৰ

লগতে পঢ়ক: পুনৰ হাগ্ৰামা মহিলাৰীৰ হাতলৈ যাব পাৰে বড়ো ভূমিৰ শাসনৰ বাঘজৰী !

উল্লেখ্য যে, নলবাৰীৰ কলেজ খেলপথাৰত বুধবাৰৰ পৰা আৰম্ভ কৰা হৈছে অসম আৰক্ষীত নিযুক্তিৰ বাবে যুৱক-যুৱতীসকলৰ মাজত বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণ শিবিৰ ৷ নলবাৰী সদৰ সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই বুধবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে এই শাৰীৰিক প্ৰশিক্ষণ শিবিৰ ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শিক্ষিত নিৱনুৱা যুৱক-যুৱতীক এক লাখ পদত নিযুক্তি প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিল । এই নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে চৰকাৰে অসম আৰক্ষীত অতি সোনকালে 25 হাজাৰ যুৱক-যুৱতীক নিযুক্তি দিব ৷ গতিকে নলবাৰীৰ সহস্ৰাধিক যুৱক-যুৱতীয়ে এই প্ৰশিক্ষণৰ জৰিয়তে নিযুক্ত ক্ষেত্ৰত অধিক সুবিধা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে জয়ন্ত মল্ল বৰুৱাই ৷

লগতে পঢ়ক: এনকাউন্টাৰ: ধিং আৰক্ষীৰ গুলীত আহত দুধৰ্ষ ডকাইত নুৰ হুছেইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.