নলবাৰী,21 মে’: আন্তঃজিলা যাতায়াত বন্ধৰ বাবে এগৰাকী মহিলাই কৰিব নোৱাৰিলে বিবাহ বিচ্ছেদ ৷ গুৱাহাটীৰ পৰা নলবাৰীৰ ক’ৰ্টলৈ স্বামীক ডিভ’ৰ্চ দিবলৈ চাৰিচকীয়া বাহনত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি আছিল মহিলা গৰাকী ৷ কিন্তু ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে শুকুৰবাৰৰ পৰাই ৰাজ্যত বাতিল কৰিছে আন্তঃজিলা যাতায়াত ব্যৱস্থা ৷
সেয়ে শুকুৰবাৰৰ পুৱাৰে পৰা নলবাৰী-কামৰূপ জিলাৰ সীমান্তৰ বিলপাৰত ঘগ্ৰাপাৰ আৰক্ষীয়ে চলাই আছিল তালাচী ৷ আন আন লোকৰ দৰে গুৱাহাটীৰ পৰা অহা এগৰাকী মহিলাকো নলবাৰীলৈ যোৱাত বাধা প্ৰদান কৰিলে আৰক্ষীয়ে ৷ ইয়াতেই ঘটিল অথন্তৰ ৷
মহিলাগৰাকীয়ে আৰক্ষীক বাৰে বাৰে অনুৰোধ জনাই কৈছিল "মোক যাবলৈ দিয়ক" ৷ কিন্তু আৰক্ষী কঠোৰ হৈ ক’লে- নহ’ব চৰকাৰৰ নতুন নীতি-নিৰ্দেশনা পালন কৰিবই লাগিব ৷ কাৰণ ৰাজ্যত এতিয়া ভয়ংকৰভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিডৰ সংক্ৰমণ ৷ গতিকে আৰক্ষীয়ে ওভতাই পঠালে মহিলা গৰাকীক ৷ বিবাহ বিচ্ছেদ দিবলৈ আহি ক’ভিডৰ বাবে ক’ৰ্টলৈ যোৱাৰ পৰাই বঞ্চিত হৈ ৰ’ল মহিলা গৰাকী ৷
লগতে পঢ়কঃ জাৰ্বাখোৱাৰ ৰাজপথত হোজাই আৰক্ষীৰ তালাচী