ETV Bharat / state

নলবাৰী আৰু হাফলঙত ভয়ংকৰ অগ্নিকাণ্ডঃ লক্ষাধিক টকাৰ সম্পত্তি বিনষ্ট

author img

By

Published : Oct 19, 2019, 4:46 PM IST

ডিমা হাছাওৰ নামনি হাফলঙত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় 12খনকৈ দোকানৰ লগতে এখন অটো ৰিক্সা ৷ শুকুৰবাৰে নিশা ২ বজাত নামনি হাফলং বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ ইয়াৰ সমান্তৰালকৈ নলবাৰীৰ বৰভাগ জুগৰবড়িতো সংঘটিত হয় আন এক অগ্নিকাণ্ডৰ ঘটনা ৷ নলবাৰীৰ বৰক্ষেত্ৰী বৰভাগ মৌজাৰ জুগৰবড়িৰ নজিবুল ইছলাম নামৰ লোকজনৰ ঘৰত কোনো নথকা অৱস্থাতে সংঘটিত হয় অগ্নিকাণ্ড ৷

নলবাৰী আৰু হাফলঙত ভয়ংকৰ অগ্নিকাণ্ডঃ লক্ষাধিক টকাৰ সম্পত্তি বিনষ্ট

নিউজ ডেস্ক, 19 অক্টোবৰঃ ডিমা হাছাওৰ নামনি হাফলঙত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডটোৰ ফলত জুইত জাহ যায় 12 খনকৈ দোকানৰ লগতে এখন অটো ৰিক্সা ৷ শুকুৰবাৰে নিশা ২ বজাত নামনি হাফলং বজাৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ প্ৰথম অৱস্থাত ৰাইজ ওলাই আহি আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ কিন্তু অগ্নি নিৰ্বাপক বাহিনীৰ বাহন এঘন্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

হাফলঙত অগ্নিকাণ্ড

প্ৰায় দুঘন্টা সময়ৰ প্ৰচেষ্টাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় ৷ বিগত কিছু দিনৰ পৰা নামনি হাফলংত কিছুসংখ্যক দুস্কৃতিকাৰীয়ে ভূমি বেদখলৰ চেষ্টা চলাই আছিল বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷ সেয়েহে উক্ত অগ্নিকাণ্ড কোন দুস্কৃতিকাৰীয়ে সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷ যদিও অগ্নিকাণ্ডৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ ইতিমধ্যে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

নলবাৰী অগ্নিকাণ্ড

হাফলঙৰ সমান্তৰালকৈ নলবাৰীৰ বৰভাগ জুগৰবড়িতো সংঘটিত হয় আন এক ভয়ংকৰ অগ্নিকাণ্ড ৷ নলবাৰীৰ বৰক্ষেত্ৰী বৰভাগ মৌজাৰ জুগৰবড়িৰ নজিবুল ইছলাম নামৰ লোকজনৰ ঘৰত কোনো নথকা অৱস্থাতে সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ড পুৱাৰ ভাগতে সংঘটিত হোৱাৰ আশংকা কৰিছে পৰিয়ালবৰ্গই ৷ অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় ঘৰখনৰ সকলো সামগ্ৰীকে ধৰি প্ৰায় ১০ লক্ষাধিক থকাৰ সম্পত্তি ৷

উল্লেখ্য যে,জুই জ্বলি থকা অৱস্থাতে পাকঘৰত থকা চিলিণ্ডাৰ বিস্ফোৰণ হৈ ভয়ংকৰ ৰূপ লয় ৷ অৱশেষত অগ্নিনিৰ্বাপক বাহনী উপস্থিত জুই নুমুৱাবলৈ সক্ষম হয় ৷

Intro:ডিমা হাছাও ১৯ অক্টোবৰ: লোৱাৰ হাফলংত জুইত ভস্মীভূত হল ১২ খন কৈ দোকান ঘৰ। শুক্ৰবাৰ নিশা ২টা মান বজাত লোৱাৰ হাফলংত জুই লগাৰ ঘটনা সংগঠিত হোৱাৰ ফলত মোট ১২ খন দোকান সম্পূৰ্ণ ভস্মীভূত হল। জুইত জাহ গল ৫০ লক্ষ টকাৰ সম্পত্তি।Body:নিশা ২টা বজাত লোৱাৰ হাফলং বজাৰত জুই লগাৰ ঘটনা সংগঠিত হোৱাৰ পিছত প্ৰথমতে স্থানীয় ৰাইজ ওলাই আহি আৰক্ষী ও অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। কিন্তু অগ্নি নিৰ্বাপক বাহিনী ঘটনা স্থলীত উপস্থিত হয় জুই লগাৰ এক ঘণ্টা পিছত বুলি ৰাইজে অভিযোগ কৰে।Conclusion:ইপিনে ঘটনা স্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ আগতেই জুইৰ লেলিহান শিখায় ১২ খন দোকান আৰু এখন অটো ৰিস্কাক সম্পূৰ্ণ ৰূপে ভস্মীভূত কৰি দিয়ে। প্ৰায় দুই ঘণ্টা যুঁজৰ পিছত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হৈছে। এতিয়া লৈ জুই লগাৰ কাৰণ জানিব পৰা হোৱা নাই। ইতিমধ্যে হাফলং আৰক্ষীয়ে এইলৈ তদন্ত আৰম্ভ কৰিছে। স্থানীয় ৰাইজৰ সন্দেহ কোন দুস্কৃতিকাৰীয়ে এই ঘটনা সংগঠিত কৰিব পাৰে। কিছু দিনৰ পৰা লোৱাৰ হাফলংত কিছু দুস্কৃতিকাৰীয়ে জুমি বেদখল কৰাৰ চেষ্টা চলাই আছিল বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত সদৰী কৰে আজি।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.